NORTHEAST NOW (Assamese)

মন্ত্ৰী, সাংসদৰ প্ৰতিশ্ৰুতি অসাৰ; পানীৰ তলত শিৱসাগৰৰ দিচাংমুখ অফলাৰ বিস্তীৰ্ণ অঞ্চল

May 28, 2020 1:59 pm · পাৰ্শ্বজ্যোতি গগৈ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত এফালে ক’ৰ’না মহামাৰীৰ সন্ত্ৰাস আৰু আনফালে আগতীয়া বানৰ সংহাৰী ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত লকডাউনৰ সমান্তৰালকৈ বানপানীৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন।

বাৰিষাৰ আৰম্ভণিতেই বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে শিৱসাগৰতো। শিৱসাগৰত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। যাৰ বাবে এতিয়া জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।

শিৱসাগৰৰ দিচাংমুখৰ অফলাত এতিয়া ব্ৰহ্মপুত্ৰৰ পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলেৱাৰ লগতে অফলাৰ মথাউৰিলৈ বিপদ মাতি আনিছে।

দিচাং আৰু ব্ৰহ্মপুত্ৰৰ পানী যদি এনেদৰে বাঢ়ি থাকে তেন্তে যিকোনো মূহুৰ্ততে অফলাৰ মথাউৰি ভাঙি যাব পাৰে বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে।

উল্লেখ্য যে আজি কিছু বছৰৰ পৰা  অফলাত ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ পানীয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে। যোৱা বছৰত বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ তপন কুমাৰ গগৈয়ে অঞ্চলটো পৰিদৰ্শন কৰি গাঁওবাসীক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু আজিলৈকে অঞ্চলটোত বান গৰাখহনীয়া ৰোধৰ বাবে বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

আনহাতে,  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও চলিত বৰ্ষৰ ৩০ মে~ৰ ভিতৰত ৰাজ্যৰ সকলো মথাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ বান নিয়ন্ত্ৰণ বিভাগক নিৰ্দেশ দিছিল।

Related News