NORTHEAST NOW (Assamese)

উঃ কোৰিয়াত তীব্ৰ খাদ্য সংকট! : দেশবাসীৰ পোহনীয়া কুকুৰ ৰাষ্ট্ৰৰ হাতত গতাবলৈ নিৰ্দেশ ৰাষ্ট্ৰপতি কিম উনৰ

August 19, 2020 3:27 pm · এন ই নাও নিউজ
Updated: August 19, 2020 3:36 pm

তীব্ৰ খাদ্য সংকটত ভুগিছে ৰহস্যময়ী দেশ উত্তৰ কোৰিয়া!

ক’ৰ’না কালত উৎপাদন ঘাটি হোৱা আৰু আন্তৰ্জাতিক নিষেধাজ্ঞাৰ ফলত একনায়ক কিম জং উনৰ দেশ উত্তৰ কোৰিয়াত তীব্ৰ খাদ্য সংকটে দেখা দিছে।

নিউজিলেণ্ড হেৰাল্ডৰ বাতৰি অনুসৰি দেশখনৰ পৰিস্থিতি পূৰ্বেও বৰ সন্তোষজনক নাছিল আৰু এতিয়া সেই সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

ইফালে দেশখনত কুকুৰা আৰু গাহৰিৰ উৎপাদন অস্বাভাৱিকভাৱে কমি যোৱাত হোটেল-ৰেষ্টোৰােণ্টবোৰতো মাংসৰ অভাৱে দেখা দিছে।

ইয়াৰ অভাৱ পূৰণ কৰিবলৈ দেশখনৰ শাসক উনে এক অদ্ভূত নিৰ্দেশ জাৰি কৰা বুলি দাবী কৰিছে উল্লিখিত সংবাদ পত্ৰখনে।

নিউজিলেণ্ড হেৰাল্ডৰ মতে দেশখনৰ ৰাষ্ট্ৰপতি কিম জং উনে দেশবাসীয়ে ঘৰত পোহা কুকুৰবোৰ ৰাষ্ট্ৰক অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

জানিব পৰা মতে দেশবাসীৰ পোহনীয়া কুকুৰবোৰেৰে হোটেল-ৰেস্তোৰাৰ মাংসৰ অভাৱ দূৰ কৰা হ’ব।

আনহাতে ৰাজনৈতিক আৰু কূটনৈতিক বিশ্লেষকৰ মতে দেশবাসীৰ কুকুৰবোৰ ৰাষ্ট্ৰক গতাই দিবলৈ নিৰ্দেশ দিয়াৰ অন্তৰালত ৰাষ্ট্ৰপতি কিমৰ অন্য এক কাৰণো আছে।

উত্তৰ কোৰিয়াৰ প্ৰচলিত ধাৰণাৰ মতে ধনী মানুহহেহে কুকুৰ পোহে আৰু দুখীয়া মানুহে গৰু, ছাগলী, কুকুৰা, গাহৰি আদি পালন কৰে। দুখীয়া মানুহৰ মন জয় কৰাৰ স্বাৰ্থতে ৰাষ্ট্ৰপতি কিমে এই নিৰ্দেশ জাৰি কৰা বুলি ধাৰণা কৰিছে বিশ্লেষকসকলে।

উল্লেখ্য যে, উত্তৰ কোৰিয়াৰ প্ৰায় ৮০ শতাংশ মানুহেই দৰিদ্ৰ। ৰাষ্ট্ৰপতি কিমে এই নিৰ্দেশেৰে দৰিদ্ৰ জনগণৰ ক্ষোভ প্ৰশমিত কৰাৰ কৌশলো গ্ৰহণ কৰিব পাৰে!

ইফালে ৰাষ্ট্ৰসংঘই শেহতীয়া এক প্ৰতিবেদনত উল্লেখ কৰিছে যে উত্তৰ কোৰিয়াৰ ২ কোটি ৫৫ লাখ মানুহৰ ভিতৰত প্ৰায় ৬০ শতাংশই পেট ভৰাই খাদ্য খাবলৈ নেপায়।

অন্যহাতে কিমে আণৱিক অস্ত্ৰ নিৰ্মাণ তথা পৰীক্ষণ কৰাৰ বাবে উত্তৰ কোৰিয়াই আন্তৰ্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছে। অতিপাত বৃষ্টি আৰু বানপানীৰ ফলত দেশখনৰ শস্য ক্ষেত্ৰও নষ্ট হৈছে।

এনে বিভিন্ন কাৰকৰ ফলত দেশখনত খাদ্য সংকটে দেখা দিয়া বুলি বাতৰি প্ৰকাশ কৰিছে নিউজিলেণ্ড হেৰাল্ড-এ।

Related News