NORTHEAST NOW (Assamese)

এন আৰ চিত বিদেশী প্ৰসংগ : আপত্তিৰ ক্ষেত্ৰত জেইল-জৰিমনা নিবিচাৰে ৰাজ্য চৰকাৰে

August 14, 2018 7:03 am · এন ই নাও নিউজ

চূড়ান্ত এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শুদ্ধ আৰু বিদেশীমুক্ত কৰি তোলাৰ বাবে আপত্তি দাখিলৰ প্ৰক্ৰিয়াটোত জেইল-জৰিমনা, শাস্তি বিহাৰ পৰা বিৰত ৰখাৰ পক্ষে মত পোষণ কৰিছে মন্ত্ৰী পৰিষদে। চূড়ান্ত এন আৰ চি প্ৰস্তুতৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যুগুতাৱলৈ নিৰ্দেশ দিয়া ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচিডিউৰ বা চমুকৈ এছ অ’ পিত এই বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অৱগত কৰিব। দেওবাৰে অনুষ্ঠিত হৈ যোৱা মন্ত্ৰী পৰিষদৰ বৈঠকত সিদ্ধান্তটো গ্ৰহণ কৰা হয়।

যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা চূড়ান্ত খচৰাত ডি-ভোটাৰ ঘোষিত বিদেশী, বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন লোক, ডি-ভোটাৰৰ সতি সন্ততি তথা ঘোষিত বিদেশীৰ সতি সন্ততিৰ নাম বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু যদিহে কোনো লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে সেই আপত্তি দৰ্শোৱাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে।

আনহাতে, এই আপত্তি দৰ্শোৱাৰ ক্ষেত্ৰত যদি ভুল হয় তেতিয়াহ’লে আপত্তি দৰ্শোৱা লোকজন ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি আপত্তি দাখিলৰ খচৰা প্ৰপত্ৰত উল্লেখ আছে। এই বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

দেওবাৰে মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে আপত্তি দাখিলৰ ক্ষেত্ৰত এনে চৰ্ত থকাটো বিচৰা নাই। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে ৰাইজে বিচাৰেছে যে সন্দেহজনক লোকৰ বিৰুদ্ধে আপত্তি দৰ্শাব পৰা ব্যৱস্থা হ’ব লাগে আৰু কৰ্তৃপক্ষই সেই আপত্তিৰ ভিত্তিত অনুসন্ধান কৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত হ’ব নে নাই তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

ইপিনে অহা ১৬ আগষ্টৰ পৰৱৰ্তী শুনানিৰ আগেয়ে এছ অ’ পি  যুগুতাৱলৈ উচ্চতম ন্যায়ালয়ে ভাৰতৰ মহা পঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক নিৰ্দেশ দিছে। সেয়েহে আপত্তিৰ ক্ষেত্ৰত ভুল তথ্য দাখিলৰ বাবে আপত্তি দৰ্শোৱা ব্যক্তি শাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়টো এছ অ’ পিত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ৰাজ্য চৰকাৰে আৰ্জি দিব। কেন্দ্ৰীয় মন্ত্ৰালয় তথা মন্ত্ৰালয়ৰ অধীনৰ মহা পঞ্জীয়কৰ সৈতে প্ৰয়োজনীয় যোগাযোগ কৰিবলৈ মন্ত্ৰী পৰিষদে মুখ্য সচিৱক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

Related News