NORTHEAST NOW (Assamese)

শোৱাপাটিতেই গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক

October 17, 2023 3:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 17, 2023 2:57 pm

এক গুৰুতৰ অভিযোগত পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক কুলবীৰ সিং জীৰাক গ্ৰেপ্তাৰ কৰা হৈছে। 

আজি পুৱা ৪ বজাতেই পঞ্জাৱৰ ফিৰোজপুৰৰ নিজা বাসগৃহৰ পৰা  কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিছে। 

তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল বি ডি পি অ’ বিভাগলৈ গৈ চৰকাৰী দায়িত্বত বাধা দিয়াৰ লগতে তথ্য বিনষ্ট কৰাৰ অভিযোগ ।

কুলবীৰ সিং জীৰাৰ গ্ৰেপ্তাৰৰ পাছতে ভগৱত মান চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁৰ অনুৰাগীসকলে।

ইফালে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ স্বাস্থ্য পৰীক্ষা বাবে  হাস্পাতাললৈ নিওতে হাস্পতালৰ চৌহত সংবাদ মাধ্যমৰ আগত কয়, আম আদমী পাৰ্টিৰ চৰকাৰে জনতাক বুৰ্বক বনাইছে। তেওঁ দাবী কৰি কয়, তেওঁ জেলৰ পৰা বাহিৰলৈ অহাৰ পাছত আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখা খুলিব।

Related News