NORTHEAST NOW (Assamese)

এটা যুগৰ অৱসান! বহু ঐতিহাসিক জয়ৰ নায়ক ভাৰতীয় ক্ৰিকেটৰ ‘প্ৰিন্স’ চেলিম ডুৰাণীৰ দেহাৱসান

April 2, 2023 11:29 am · এন ই নাও নিউজ, গুৱাহাটী
প্রয়াত চেলিম ডুৰাণী। ফাইল ফটো।

দেওবাৰে পুৱা ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ চেলিম ডুৰাণীৰ পৰলোকপ্ৰাপ্তি ঘটিছে।পৰিয়ালৰ সূত্ৰই জানিব দিয়া মতে, গুজৰাটৰ জামনগৰৰ নিজ গৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। তেওঁ বৰ্ধক্যজনিত ৰোগত ভুগি আছিল।

এগৰাকী নিখুঁত বলিং অল-ৰাউণ্ডাৰ হিচাপে বছৰ বছৰ ধৰি ভাৰতীয় দলত আধিপত্য বিস্তাৰ কৰা ডুৰাণীক ‘প্ৰিন্স’ বুলি অভিহিত কৰা হৈছিল। ভাৰতৰ একাধিক ঐতিহাসিক বিজয়ৰ নায়কৰ দেহাৱসানত ভাৰতীয় ক্ৰিকেটৰ এটা যুগৰ অৱসান ঘটিল।

লগতে পঢ়ক: ৰাজনৈতিক হেঁচা! পাঁচ বছৰ হ’ল, গেঠেলা মাৰিয়েই ৰ’ল; লুই বাৰ্জাৰ গোচৰত অগ্ৰগতি নাই চিবিআইৰ

ডুৰাণী আফগানিস্তানত জন্মগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ। ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ সুদীৰ্ঘ ১৩টা বছৰ তেওঁ ভাৰতীয় দলৰ সদস্য আছিল। ডুৰাণী ১৯৬১-৬২ চনত কলিকতা আৰু চেন্নাই (তেতিয়াৰ মাদ্ৰাজ)ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অনন্য বিজয়ৰ নায়ক আছিল। খেল দুখনত তেওঁ ক্ৰমে ৮ আৰু ১০টা উইকেট দখল কৰিছিল। ইডেনত তেওঁ বেটেৰেও প্ৰয়োজনীয় ৪৩ ৰান সংগ্ৰহ কৰিছিল।

ইয়াৰ এদশক পিছত প’ৰ্ট অৱ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট জয়ৰ অন্যতম নায়ক আছিল ডুৰাণী। উল্লেখ্য, সেই শৃংখলাত ছোবাৰ্ছৰ নেতৃত্বত অদমনীয় কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে ভাৰতৰ ছিৰিজ জয় আছিল বিদেশৰ মাটিত ভাৰতৰ প্ৰথম ছিৰিজ জয়। সেই ইতিহাসৰ লগত ডুৰাণীৰ নাম ওতঃপ্ৰোতভাৱে জড়িত। তেওঁৱেই মেচখনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত গেৰী ছোবাৰ্ছ আৰু ক্লাইভ লয়ডৰ উইকেট দখল কৰিছিল।

নিজৰ ২৯খন টেষ্টত ডুৰাণীৰ বেটিং গড় আছিল ২৫তকৈ অলপ বেছি। কিন্তু এই পৰিসংখ্যাবোৰ চাই ডুৰাণীৰ শক্তি বুজিব নোৱাৰি। বাওঁহতীয়া গতানুগতিক স্পিন বলিঙৰ উপৰিও তেওঁ ছিক্সাৰ মৰাৰ বাবেও পৰিচিত আছিল। তেওঁৰ কেৰিয়াৰৰ একমাত্ৰ শতকটো আছিল শক্তিশালী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। বহুতে সহমত প্ৰকাশ কৰে যে কপিল দেৱৰ আগমনৰ আগলৈকে ডুৰাণীয়েই আছিল ভাৰতৰ শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ। কোৱা হৈছিল যে তেওঁ চাহিদা বুজি ছয় মাৰিছিল।

১৯৭৩ চনত কানপুৰত তেওঁৰ বাবে এখন পোষ্টাৰত লিখা আছিল ‘নো ডুৰাণী ন’ টেষ্ট’। এনেকুৱাই আছিল তেওঁৰ জনপ্ৰিয়তা। বলিঙেৰে তিনিবাৰকৈ এটা ইনিংছত ৫টা উইকেটো লাভ কৰে। এখন মেচত ১০ উইকেট পাইছে এবাৰ। মুঠতে তেওঁৰ নামত আছে ৭৪টা উইকেট। দেওবাৰে পুৱা ভাৰতীয় ক্ৰিকেটে হেৰুৱালে ইয়াৰ ‘প্ৰিন্স’ক। ক্ৰিকেটৰ এটা যুগৰ অৱসান ঘটিল।

Related News