• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক হেঁচা! পাঁচ বছৰ হ’ল, গেঠেলা মাৰিয়েই ৰ’ল; লুই বাৰ্জাৰ গোচৰত অগ্ৰগতি নাই চিবিআইৰ

লুই বাৰ্জাৰ উৎকোচ কেলেংকাৰিৰ তদন্তত বিলম্বক লৈ চিবিআইৰ সন্মুখত প্ৰশ্ন উত্থাপন সামাজিক কৰ্মী ভবেন সন্দিকৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2023 8:05 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুই বাৰ্জাৰ উৎকোচ কেলেংকাৰিৰ তদন্ত সম্পূৰ্ণ কৰাত অত্যধিক পলম হোৱাক লৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যখনৰ সামাজিক কৰ্মী ভবেন সন্দিকৈয়ে।

২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৬.৫ কোটি টকীয়া লুই বাৰ্জাৰ উৎকোচ কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰা চিবিআইয়ে তেতিয়াৰ পৰা কোনো অগ্ৰগতি লাভ কৰাত ব্যৰ্থ হৈছে।

সামাজিক কৰ্মী ভবেন সন্দিকৈয়ে নৰ্থইষ্ট নাওক কয়, ‘২০১৮ চনৰ ছেপ্টেম্বৰ মাহত চিবিআইৰ এটা দলে এই গোচৰৰ সৈতে জড়িত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ একাংশ বিষয়াক সোধাপোছা কৰিছিল। অৱশ্যে, তেতিয়াৰ পৰা আমি এই গোচৰৰ তদন্তৰ কোনো অগ্ৰগতি দেখা নাই।’

Apply Now

লগতে পঢ়ক: মংগল গ্ৰহ ভ্ৰমণ কৰিবলৈ নাছাৰ পৰা বৰ্ডিং পাছ লাভ কৰিলে অভিনেতা আদিল হুছেইনে

সন্দিকৈয়ে কয় যে ২০১৮ চনত তেওঁ চিবিআইলৈ পত্ৰ লিখি গোচৰটোৰ তদন্তৰ স্থিতি জানিব বিচাৰিছিল যদিও তদন্তকাৰী সংস্থাটোৱে ‘নিৰাপত্তাজনিত কাৰণ’ৰ উল্লেখ কৰি তথ্য দিবলৈ অস্বীকাৰ কৰিছিল।

সন্দিকৈয়ে কয়, ‘এই কেলেংকাৰীৰ সৈতে কিছুমান হাই-প্ৰফাইল লোক জড়িত হোৱাৰ বাবেই তদন্তৰ পথ স্তব্ধ হৈছে। সম্ভৱতঃ, কেন্দ্ৰীয় সংস্থাটোৱে তদন্ত মাজভাগত বন্ধ কৰি দিছে কিয়নো কিছুমান বিশেষ মহলে চিবিআইক তদন্ত আগ নবঢ়াবলৈ হেঁচা প্ৰয়োগ কৰিছে।’

২০১৭ চনৰ ২ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে অসমত সংঘটিত লুই বাৰ্জাৰ উৎকোচ কেলেংকাৰিৰ তদন্তৰ দায়িত্ব লয় চিবিআইয়ে।

অসম আৰক্ষীৰ তদন্ত সন্তোষজনক নহয় বুলি উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে চিবিআইক গোচৰটো হাতত ল’বলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: ১০ মাহ পাছত জেলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ সিদ্ধু; প্ৰশংসা ৰাহুল গান্ধীক

সন্দিকৈয়ে লগতে কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্তত চি আই ডিয়ে ‘পক্ষপাতমূলকভাৱে’ আগবাঢ়ি যোৱাটো পৰ্যবেক্ষণ কৰি চিবিআইক গোচৰটো গতাই দিছিল। বিড়ম্বনাৰ কথাটো হ’ল, চিবিআইয়ে তদন্তৰ দায়িত্ব লোৱাৰ পিছতো গোচৰটোৱে একে পৰিণতিৰ সন্মুখীন হ’ল।‘’

২০১৫ চনৰ জুলাই মাহত ফৰেইন কৰাপ্ট প্ৰেক্টিচেছ এক্ট অনুসৰি আমেৰিকাৰ ন্যায় বিভাগে নিউ জাৰ্চিৰ লুই বাৰ্জাৰৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছতে এই গোচৰটো পোহৰলৈ আহে। এই গোচৰটো অসম আৰু গোৱাৰ পানী ব্যৱস্থাপনা প্ৰকল্পৰ সৈতে জড়িত।

ফাৰ্মখনৰ কাৰ্যবাহীসকলে তেতিয়া আমেৰিকাৰ এখন আদালতত কৈছিল যে তেওঁলোকে আৰু তেওঁলোকৰ সহযোগী অংশীদাৰসকলে – ১৯৯৮ চনৰ পৰা ২০১০ চনৰ ভিতৰত – পানী ব্যৱস্থাপনা পৰামৰ্শদাতা প্ৰকল্পক অঁতৰাই ৰাখিবৰ বাবে অসম আৰু গোৱা চৰকাৰৰ নামহীন “বিষয়াসকল”ক ৯৭৬,৬৬৩০ ডলাৰৰ উৎকোচ দিছিল।

লগতে পঢ়ক: সঁচা! ২০২৯ চনৰ পৰা অমৰ হ’ব মানুহ? গৱেষণাত বিজ্ঞানীৰ অভূতপূৰ্ব দাবী

আমেৰিকাৰ গোচৰৰ পাছতেই সামাজিক কৰ্মী ভবেন সন্দিকৈয়ে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি লুই বাৰ্জাৰে গুৱাহাটীত ১৪৫২ কোটি টকাৰ পানী যোগান প্ৰকল্প এটা পাবলৈ অসমৰ বিষয়া আৰু ৰাজনীতিবিদক ৬ কোটি টকা দিছিল বুলি অভিযোগ উত্থাপন কৰে।

গোচৰটো চি আই ডিৰ হাতত গতাই দিয়া হয় যদিও ৰাজ্যিক সংস্থাটোৱে জড়িত প্ৰভাৱশালী লোকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি চি বি আইৰ তদন্ত বিচাৰি সন্দিকৈ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যায়।

গোৱাত গোচৰটোৰ তদন্ত যথেষ্ট আগবাঢ়িছিল যদিও অসমত চি আই ডিৰ তদন্ত মন্থৰ আৰু লেহেমীয়া আছিল।

এই কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিবিআইৰ তদন্তৰ আওতালৈ অনাৰ বাবে সন্দিকৈয়ে দাবী জনাইছিল।

লগতে পঢ়ক:গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চীন আৰু বাংলাদেশৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে বক্তৃতানুষ্ঠান

কিন্তু শৰ্মাই এই কেলেংকাৰিত কোনো ভূমিকা অস্বীকাৰ কৰি কয় যে আমেৰিকাৰ আদালতত দাখিল কৰা উৎকোচ গোচৰৰ অভিযোগনামাত অসমৰ কোনো মন্ত্ৰী জড়িত থকাৰ কোনো উল্লেখ নাই।

ইপিনে, মন্তব্যৰ বাবে বাৰে বাৰে চেষ্টা কৰিও চিবিআইৰ বিষয়াসকলক পোৱা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd