• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চীন আৰু বাংলাদেশৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে বক্তৃতানুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 5:16 pm
জাৰ্মানীৰ হেইদেলবাৰ্গ বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ এছিয়ান এণ্ড ট্ৰান্সকাৰচাৰেল ষ্টাডিজৰ গৱেষক অধ্যাপক আন্জে ডিজাইৰি ছেনজ্ আৰু ড০ ডেইটাৰ ৰাইন্হাৰ্ডট।

জাৰ্মানীৰ হেইদেলবাৰ্গ বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ এছিয়ান এণ্ড ট্ৰান্সকাৰচাৰেল ষ্টাডিজৰ গৱেষক অধ্যাপক আন্জে ডিজাইৰি ছেনজ্ আৰু ড০ ডেইটাৰ ৰাইন্হাৰ্ডট।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩১ মাৰ্চৰ সন্ধিয়া গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ মাল্টিডিছিপ্লিনেৰী ষ্টাডিজৰ উদ্যোগত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জাৰ্মানীৰ হেইদেলবাৰ্গ বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ এছিয়ান এণ্ড ট্ৰান্সকাৰচাৰেল ষ্টাডিজৰ গৱেষক অধ্যাপক আন্জে ডিজাইৰি ছেনজ্ আৰু ড০ ডেইটাৰ ৰাইন্হাৰ্ডটে চীন আৰু বাংলাদেশৰ সাম্প্ৰতিক অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া তেওঁলোকৰ গৱেষণালব্ধ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত দুটি মনোগ্ৰাহী আৰু চিন্তাকর্ষক বক্তৃতা প্ৰদান কৰে।

অধ্যাপক ড০ ছেনজে তেওঁৰ বক্তৃতাত চীনৰ সাম্প্ৰতিক বিকাশ আৰ্হিৰ ঐতিহাসিক পটভূমি উল্লেখ কৰি সত্তৰৰ দশকৰ পৰা কি ভাৱে চীনে ক্ৰমান্বয়ে এক বিকেন্দ্ৰীকৰণ আৰু শিথিল নিয়ন্ত্ৰণৰ মাজেৰে দেশখনৰ অৰ্থনৈতিক বিকাশৰ এক নতুন ধাৰা আৰম্ভ কৰিছিল ব্যাখ্যা কৰে। ইয়াৰ ফলত নগৰীকৰণ আৰু প্ৰদূষণে কেনেকৈ দেশখনৰ আৰু লগতে সমগ্ৰ অঞ্চলৰ অৰ্থনীতি আৰু পৰিৱেশৰ মাজৰ সমন্বয় বিনষ্ট কৰিছে এই বিষয়েও অধ্যাপক ছেনজে সুন্দৰ আলোচনা আগবঢ়ায়।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চীন আৰু বাংলাদেশৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে বক্তৃতানুষ্ঠানৰ এটি বিশেষ মুহূৰ্ত।

অনুষ্ঠানটিৰ দ্বিতীয় বক্তৃতাটিত আন এগৰাকী বিশিষ্ট গৱেষক ড০ ৰাইন্হাৰ্ডটে বাংলাদেশৰ ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে এক বিশ্লেষণাত্মক আলোচনা আগবঢ়ায়। বাংলাদেশৰ কয়লাভিত্তিক শক্তি উৎপাদন প্ৰক্ৰিয়াই কিভাৱে বিশ্ববিখ্যাত সুন্দৰবনৰ পাৰিৱেশিক সন্তুলনত কুপ্ৰভাৱ পেলাই সমগ্ৰ ভূখণ্ডৰে এক ব্যাপক অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে- এই বিষয়ে ড০ ৰাইন্হাৰ্ডটে আঙুলিয়াই দিয়ে। দুয়োগৰাকী গৱেষকে চীন আৰু বাংলাদেশ চৰকাৰে কি ভাৱে পৃথিৱীৰ বিভিন্ন দেশৰ উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা লাভ কৰা আৰ্থিক বিনিয়োগৰ জৰিয়তে অতি ক্ষীপ্ৰতাৰে দেশ দুখনৰ অৰ্থনৈতিক বিকাশৰ আৰ্হি প্ৰস্তুত কৰিছে আলোচনা কৰে। 

Apply Now

গোলকীকৰণ আৰু পৰিৱৰ্তিত আন্ত:ৰাষ্ট্ৰীয় ভূ-ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত এই দুই দেশৰ অৰ্থনৈতিক আৰ্হিয়ে কি সম্ভাৱনা আৰু সংকটৰ বাট মুকলি কৰিব পাৰে এই বিষয়েও দুয়োগৰাকী বক্তাই চিন্তা উদ্ৰেককাৰী মন্তব্য আগবঢ়ায়।

বক্তৃতা অনুষ্ঠানৰ এটি মুহূৰ্তত জাৰ্মানীৰ হেইদেলবাৰ্গ বিশ্ববিদ্যালয়ৰ চেন্টাৰ্ ফৰ্ এছিয়ান এণ্ড ট্ৰান্সকাৰচাৰেল ষ্টাডিজৰ গৱেষক অধ্যাপক আন্জে ডিজাইৰি ছেনজ্ আৰু ড০ ডেইটাৰ ৰাইন্হাৰ্ডট।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানটিত ভূটানৰ গুৱাহাটীস্থিত কনচুল জেনেৰেল জিগমি থিন্লাই নামগয়াল, অৱসৰপ্ৰাপ্ত  লেফটেনেন্ট জেনেৰেল প্ৰণৱ ভড়ালী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু সাংবাদিকে অংশগ্ৰহণ কৰে।  

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সংস্থা শ্ৰীমন্ত শংকৰ একাডেমীৰ সচিব বিজয়ানন্দ চৌধুৰী, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁই আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প দাস আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী এই অনুষ্ঠানত উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd