NORTHEAST NOW (Assamese)

কোন হ’ব টীম ইণ্ডিয়াৰ পৰৱৰ্তী অধিনায়ক? জনালে পাকিস্তানৰ এইগৰাকী প্ৰাক্তন তাৰকাই

May 27, 2021 9:58 pm · এন ই নাও নিউজ

বিৰাট কোহলীৰ পাছত টীম ইণ্ডিয়াৰ অধিনায়ক কোন হ’ব?

বহুচৰ্চিত এই প্ৰশ্নৰ উত্তৰ দিলে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা অপেনাৰ চলমান বাটে।

অপেনাৰজনৰ মতে, আৰু ৮-৯ বছৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব কোহলী।

”তাৰপাছত ঋষভ পণ্ট অধিনায়ক হ’ব পাৰে।”- বাটে এইদৰে কয়।

কেৱল পণ্ট নহয়, আৰু দুজন ক্ৰিকেটাৰক অধিনায়ক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে তেওঁ।

”ৰোহিত শৰ্মা অনন্য অধিনায়ক। মোৰ তেওঁক বেছি পচন্দ অধিনায়ক হিচাপে।”- তেওঁ কয়।

পণ্ট, ৰোহিতৰ উপৰিও আজিংক্য ৰাহানকো সম্ভাৱ্য অধিনায়ক হিচাপে গণ্য কৰে তেওঁ।

তেওঁ কয় যে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ মাটিত আজিংক্যই যিদৰে খেলিছিল, সেই অনুসৰি অধিনায়কত্বৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

Related News