NORTHEAST NOW (Assamese)

লিডু শাখা সাহিত্য সভাৰ চৌহদত সাহিত্য, কলা-কৃষ্টি প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

October 17, 2020 7:34 pm · মানস প্ৰতীম গগৈ

লিডুৰ কলা-সংস্কৃতি ভাষা সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থল লিডু শাখা সাহিত্য সভা ভৱনৰ চৌহদত নিৰ্মিত হ’ব এটি সাহিত্য কলা-কৃষ্টি প্ৰশিক্ষণ কেন্দ্ৰ।

প্ৰধানমন্ত্ৰী খনিজ খাদান কল্যাণ যোঁজনা আঁচনিৰ অধীনত আৱণ্টিত প্ৰায় ২৫ লাখ টকাৰে নিৰ্মিত হ’ব এই কেন্দ্ৰটি।

আজি মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও তেওঁৰ অনুপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰে লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ সাংবাদিক জগত চাংমাইয়ে।

আধাৰশিলা স্থাপন অনুষ্ঠান উপলক্ষে শাখাৰ সভানেত্ৰী ড° দিপালী বৰপূজাৰীৰ অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যা কৰে।

জগত চাংমাই, সুনীল গুৰুং, বিধায়ক প্ৰতিনিধি দ্বিচেন টিপমীয়া, জ্যোতিষ ৰায়, চুফাতি পমুং মিলি, ভৱেশ দত্ত, লক্ষ্যধৰ চৌধুৰী, ভীম কৰ্মকাৰ, মুনমী গগৈ, তৰুণ গগৈ, লোকনাথ কোঁ‌ৱৰ, বাপী সৰকাৰ, সাংবাদিক মানস প্ৰতিম গগৈ আদি উপস্থিত থকা সভাখনত মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মাই বিধায়ক ভাস্কৰ শৰ্মাৰ কাৰ্যকালত অভাৱনীয় উন্নতি হোৱা বুলি কয়।

সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ড° দিপালী বৰপূজাৰী আৰু জ্যোতিষ ৰায়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

জ্যোতিষ ৰায়ে বিধায়ক শৰ্মাই গ্ৰহণ কৰা জনমুখী কাৰ্যসূচীৰ কথা ব্যক্ত কৰে।

অন্যহাতে ঐতিহ্যমণ্ডিত লিডু শাখা সাহিত্য সভা ভৱনৰ চৌহদত নিৰ্মাণ হ’বলগীয়া নতুন ভৱনে লিডুৰ সকলো ভাষা-ভাষী ৰাইজক ভাষা সাহিত্য কৃষ্টি সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হ’ব বুলি শাখা সম্পাদক ৰাণাজ্যোতি নেওগে সংবাদমাধ্যমক জনায়।

Related News