NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাৰ “ভিত্তিহীন” অভিযোগক লৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে

February 15, 2025 9:38 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 15, 2025 9:39 am

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিয়ে তেওঁ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবৰ্ণৰ বিৰুদ্ধে উত্থাপিত “ভিত্তিহীন” অভিযোগক লৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে।

শৰ্মাৰ নেতৃত্বত বিজেপিৰ নেতা-কৰ্মীসকলে এলিজাবেথৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল।

২০১৫ চনত ভাৰতত থকা তেতিয়াৰ পাকিস্তানী উচ্চায়ুক্তৰ সৈতে গৌৰৱ গগৈৰ নেতৃত্বত হোৱা বৈঠক সন্দৰ্ভতো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ প্ৰতুত্যৰত শুকুৰবাৰে গগৈয়ে কয়‘বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ লৈছে। তেওঁলোকৰ অভিযোগ ভিত্তিহীন। মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম।’

উল্লেখ্য যে সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানী উচ্চায়ুক্তক লগ কৰাৰ অভিযোগ উত্থাপন কৰে।  ইয়াৰ উপৰিও শৰ্মাই অভিযোগ কৰে যে গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নে আই এছ আইৰ সৈতে জড়িত এটা সংস্থাত কাম কৰিছিল।

শৰ্মাই আৰু দাবী কৰে যে কলবাৰ্নে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপদেষ্টা আলী টাউকিৰ শ্বেখৰ অধীনত কাম কৰিছিল আৰু বিবাহৰ ১২ বছৰৰ পাছতো ভাৰতীয় নাগৰিকত্ব কিয় গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে।

Related News