NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ গ্ৰন্থ উৎসৱত গীত-মাত, ৰসাল কথাৰে সাংবাদিকৰ অন্তৰংগ আলাপ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 11, 2019 5:08 pm

খোজ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱত আজি অনুষ্ঠিত হয় শিৱসাগৰ জিলাৰ সাংবাদিক সকলৰ এক অন্তৰংগ অনুষ্ঠান। জ্যেষ্ঠ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা আৰু হিমাংশু নেওগৰ আহ্বানত অনুষ্ঠিত অনুষ্ঠানটোত জিলাখনৰ বহুকেইজন সাংবাদিকে অংশগ্ৰহণ কৰে।

অনন্ত স্মিথ আৰু মুজাহিদ আলিয়ে আঁত ধৰা অনুষ্ঠানটোত সাংবাদিকসকলে সংবাদ সংগ্ৰহ কৰিবলৈ গৈ সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতা তথা প্ৰত্যাহ্বান সমূহ বৰ্ণনা কৰে।

অনুষ্ঠানৰ এটি মুহূৰ্ত

অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্তই কয় যে বৰ্তমানৰ ডিজিটেল মিডিয়াৰ যুগত সাংবাদিকতা সেৱা নহয় পেচালৈ পৰিৱৰ্তন হৈ গৈছে, সেয়ে ইয়াক পেচা হিচাপে লৈ আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়।

ইয়াৰ মাজতে জ্যেষ্ঠ সাংবাদিক অতনু বৰাই ভূপেন হাজৰিকাৰ ‘মই এটি যাযাবৰ’ গীতটো পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

জিলাখনৰ ডিমৌ, নাজিৰা, শিমলুগুৰি, দিচাংমুখ, আমগুৰি, গৌৰিসাগৰৰ অৰ্ধশতাধিক সাংবাদিকে অংশগ্ৰহণ কৰা উক্ত অন্তৰংগ আলাপ অনুষ্ঠানটোত সাংবাদিকসকলে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰে।