NORTHEAST NOW (Assamese)

নৃশংস! প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ১২ বৰ্ষীয় নাবালিকাক ছুৰিকাঘাত কৰি হত্যা যুৱকৰ

August 17, 2023 4:07 pm · এন ই নাও নিউজ, গুৱাহাটী

এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই জোকাৰি তুলিছে মহাৰাষ্ট্ৰ। নিজৰ একপক্ষীয় প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দি বিমুখ হোৱাৰ বাবেই হত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰিছে এগৰাকী যুৱকে। প্ৰেম প্ৰস্তাৱ অগ্ৰাহ্য কৰা ১২ বৰ্ষীয় নাবালিকাগৰাকীক উপৰ্যুপৰি ছুৰিকাঘাতেৰে হত্যা কৰে যুৱকজনে।

মহাৰাষ্ট্ৰৰ কল্যাণত যোৱা সন্ধিয়া সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। ইফালে নাবালিকাগৰাকীক হত্যাৰ পিছত ২০ বছৰীয়া যুৱকগৰাকীয়ে ফেনাইল খাই আত্মহত্যাৰ চেষ্টা চলায় বুলি মহাৰাষ্ট্ৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

ওচৰ-চুবুৰীয়াৰ ভাষ্য অনুসৰি, মাকৰ সৈতে নাবালিকাগৰাকী ক’চিং ক্লাছৰ পৰা উভতি আহি ঘৰৰ চিৰিমুখ পাওঁতেই আদিত্য নামৰ যুৱকজনে লগ পায় আৰু অতৰ্কিতে মাকক ঠেলি আঁতৰাই দি এখন ছুৰিৰে উপৰ্যুপৰি নাবালিকাগৰাকীক আঘাত হানে।

ইফালে হঠাৎ হোৱা এই ভয়ংকৰ আক্ৰমণত স্তম্ভিত হৈ পৰে মাতৃগৰাকী আৰু সহায় বিচাৰি কাতৰ চিঞৰ মাৰে। তেওঁৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰমণত তেজেৰে তুমুৰলি নাবালিকাগৰাকীক চিকিৎসালয়লৈ লৈ যায়।

অৱশ্যে প্ৰাথমিক পৰীক্ষাৰ পিছতে চিকিৎসকে নাবালিকাগৰাকীক মৃত ঘোষণা কৰে। ইফালে নিজৰ একপক্ষীয় প্ৰেমিকাক আক্ৰমণ কৰি যুৱকগৰাকীয়ে লগে লগে ফেনাইল পান কৰে। গুৰুতৰভাৱে অসুস্থ যুৱকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইতিমধ্যে এই হত্যাকাণ্ডত ব্যৱহৃত ছুৰিখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে অভিযুক্ত আদিত্যৰ বিৰুদ্ধে হত্যা অভিযোগত প্ৰাসঙ্গিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Related News