NORTHEAST NOW (Assamese)

শিৱসাগৰৰ গোহাঁইচুকক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

June 28, 2020 3:47 pm · পাৰ্শ্বজোতি গগৈ
ফটো-নৰ্থ-ইষ্ট নাও

শিৱসাগৰৰ গোহাঁইচুকত এগৰাকী মহিলাৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত আতংকিত হৈ পৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজ।

ক’ৰ’না আক্ৰান্ত হোৱা মহিলা গৰাকীৰ নাম হ’ল সূৰ্যলতা গগৈ(৫৮)।

জানিব পৰা মতে, মহিলাগৰাকী দিল্লীৰ পৰা শিৱসাগৰলৈ আহিছিল আৰু যোৱা ২২ জুনত মহিলাগৰাকীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

দিল্লীৰ নিজ পুত্ৰৰ বাসগৃহত থকা মহিলাগৰাকী শিৱসাগৰলৈ উভতি আহি গোহাঁইচুকৰ নিজা বাসগৃহত হোম কোৱাৰেন্টাইনট আছিল।

হোম কোৱাৰেণ্টাইনত থকা সময়তে মহিলা গৰাকীৰ দেহত কভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছত আতংকিত হৈ পৰিছে অঞ্চলবাসী।

কোভিড আক্ৰান্ত মহিলাগৰাকীক শনিবাৰৰ নিশাই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, শিৱসাগৰ জিলা প্ৰশাসনে আজি গোহাঁইচুকৰ মহিলাগৰাকীৰ গৃহৰ সৈতে সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোঘণা কৰে।

Related News