NORTHEAST NOW (Assamese)

গুৱাহাটী লকডাউন: গেলামাল, শাক-পাচলি, ফলমূল বিক্ৰীৰ ক্ষেত্ৰত নতুন নিৰ্দেশ

July 9, 2020 9:11 pm · কল্পজ্যোতি শইকীয়া

অসম চৰকাৰে গুৱাহাটীত চলিত লকডাউনত গেলামাল, শাক-পাচলি, ফলমূল আদিৰ কিনা-বেচাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে নতুন নিৰ্দেশ জাৰি কৰিছে।

নিৰ্দেশ অনুসৰি কাইলৈ অৰ্থাৎ ১০ জুলাইত চাউল, আটা, দাইল, পিয়াঁজ, আলু, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী বিক্ৰেতাসকলে সামগ্ৰী মজুত কৰিব পাৰিব।

দিনৰ দহ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ এই কামৰ অনুমতি প্ৰদান কৰা হৈছে।

১১ জুলাইত পাইকাৰী বিক্ৰেতাসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ খুচুৰা ব্যৱসায়ীক বিক্ৰীৰ অনুমতি দিয়া হৈছে।

দিনৰ দহ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ এই কামৰ অনুমতি প্ৰদান কৰা হৈছে।

১১ জুলাইত আৱাসিক এলেকাসমূহত সামাজিক দূৰত্ব বজাই ৰাখি ফলমূল আৰু শাক পাচলি বিক্ৰী কৰিব পাৰিব।

১১ জুলাইত গেলামাল আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ সামগ্ৰ্ৰী বিক্ৰী কৰা দোকানসমূহক পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

এই সময়চোৱাত পথৰ কাষত ফলমূল, শাক-পাচলি, মাছ আদি বিক্ৰীৰ অনুমতি দিয়া নহ’ব।

Related News