NORTHEAST NOW (Assamese)

হাজো আৰক্ষীৰ জালত আন্ত:ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী; অনলাইন হেকিঙৰ যোগেদি ঘটিছিল লাখ লাখ টকা

February 11, 2022 1:30 pm · মৃদুল প্ৰীতম ডেকা, কামৰূপ
হাজো আৰক্ষীৰ জালত চাইবাৰ অপৰাধী আমিনুৰ ৰহমান। ফটো: নৰ্থইষ্ট নাও।

হাজো আৰক্ষীৰ জালত পৰিছে এটা আন্ত:ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী  (INTERNATIONAL CYBER HACKER)। হাজোৰ নিজৰ ঘৰৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হেকাৰটোক।

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ টিভি চেনেল STAR TV ৰ LIVE ক্ৰিকেট আৰু কাবাদী খেল হেক কৰি আৰক্ষীৰ জালত পৰিছে হাজোৰ দলৈটোলাৰ আমিনুৰ ৰহমান নামৰ এইটো চাইবাৰ অপৰাধীজন।

লগতে পঢ়ক: যুদ্ধৰ দামামা! আমেৰিকান নাগৰিকসকলক শীঘ্ৰে ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশ জো বিডেনৰ

এই আমিনুৰ ৰহমানে নিজাকৈ দুটা এপ তৈয়াৰ কৰি আগশাৰীৰ চেটেলাইট চেনেলটোৰ পৰা LIVE TELECAST হৈ থকাৰ সময়তে খেলৰ অংশ অনলাইনযোগে হেক কৰি নিজৰ এপ দুটাৰ জৰিয়তে প্ৰচাৰ কৰি আহিছিল।ইয়াৰ জৰিয়তে আমিনুৰে লাভ কৰিছিল লাখ লাখ টকা।

চাইবাৰ অপৰাধী আমিনুৰৰ হেকিঙৰ নমুনা।

বিগত ৬ মাহৰ পৰা এই বিষয়ে STAR INDIA PVT. LTD. ৰ তদন্ত সংস্থাৰ এই বিষয়টো দৃষ্টি গোচৰ হোৱাত কেইবাবাৰো আমিনুৰলৈ সতৰ্কতাবাণীও পঠোৱা হৈছিল।

কিন্তু তাৰ পাছতো আমিনুৰে এপ দুটাৰ জৰিয়তে প্ৰচাৰ কৰি গৈছিল LIVE CRICKET অথবা LIVE KABADDI।

অৱশেষত সংস্থাটোৱে হাজো আৰক্ষীৰ সহযোগত হাজোৰ নিজৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে আমিনুৰক।

লগতে পঢ়ক:উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে জব্দ কৰা চুপাৰিভৰ্তি ট্ৰাক

হাজো আৰক্ষীয়ে আৰু অধিক তথ্য সন্দৰ্ভত হেকাৰ আমিনুৰৰ জেৰা অব্যাহত ৰাখিছে।

Related News