NORTHEAST NOW (Assamese)

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত ওলোমা দলং ভাঙি অৰ্ধ-শতাধিক আহত

January 26, 2019 9:37 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ বনভোজস্থলী ন-মৰাৰ ওলোমা দলং ভাঙি আজি বহুকেইজন আহত হ’বলগীয়া হয়। জানিব পৰা মতে আহতৰ সংখ্যা ৬০ জনৰো অধিক হ’ব। ওলোমা দলঙৰ ৰছী চিঙি যোৱাৰ ফলতেই দুৰ্ঘটনাটো হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে।

উল্লেখযোগ্য যে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই ঠাইটুকুৰাত বনভোজৰ বতৰত যথেষ্ট লোকৰ সমাগম হয়। আজিও ২৬ জানুৱাৰি উপলক্ষে নমৰালৈ বনভোজ খাবলৈ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম হৈছিল।

বনভোজৰ আনন্দত মতলীয়া হৈ থকা একাংশ লোকে দলংখনত উঠি ফটো উঠাত ব্যস্ত হৈ পৰে। সেই সময়ত হঠাৎ ওলোমা দলংখনৰ এডাল ৰছী চিঙি পৰাত লগে লগে দলংখনৰ ওপৰত থকা অৰ্ধ শতাধিক লোক তললৈ সৰি পৰে। যাৰ ফলত তাত থকা প্ৰতিজন লোকেই কম-বেছি পৰিমাণে আহত হ’বলগীয়া হয়, ইয়াৰে ২০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আহতসকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয়। ইয়াৰে কেইবাজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী আৰু তেজপুৰলৈ স্থানান্তৰিত কৰা হয় তদুপৰি স্থানীয় ৰাইজেও বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আহি সহায়ৰ হাত আগবঢ়াইছেহি l

Related News