NORTHEAST NOW (Assamese)

মহাকাশযান ‘হায়াবুচা-২’ৰ সফলতা: গ্ৰহাণু ‘ৰায়ুগু’ৰ পৰা অনা মাটিত উদ্ধাৰ ডিএনএ আৰু আৰএনএৰ উপাদান

March 27, 2026 8:52 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 27, 2026 9:10 am

​মহাকাশ বিজ্ঞানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৃথিৱীৰ সমীপৱৰ্তী গ্ৰহাণু ‘ৰায়ুগু’ত ডিএনএ আৰু আৰএনএৰ আটাইকেইটা যৌগিক উপাদান আৱিষ্কাৰ হৈছে। জাপানৰ হোক্কাইডো বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ইয়াসুহিৰো ওবা আৰু তেওঁৰ সতীৰ্থসকলে চলোৱা এক গৱেষণাত এই যুগান্তকাৰী তথ্য পোহৰলৈ আহিছে। যোৱা ১৬ মাৰ্চত প্ৰখ্যাত বিজ্ঞান আলোচনী ‘নেচাৰ এষ্ট্ৰ’নমি’ত এই গৱেষণা পত্ৰখন প্ৰকাশ পায়। এই আৱিষ্কাৰে পৃথিৱীত জীৱৰ সৃষ্টি কেনেদৰে হৈছিল, সেই ৰহস্য উদঘাটনৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু প্ৰাণৰ মৌলিক উপাদানসমূহ মহাকাশৰ পৰাই পৃথিৱীলৈ আহিছিল বুলি চলি অহা ধাৰণাক অধিক শক্তিশালী কৰি তুলিছে।

​জাপানৰ মহাকাশ গৱেষণা সংস্থা ‘জাক্সা’ৰ দ্বাৰা প্ৰেৰিত মহাকাশযান ‘হায়াবুচা-২’ৰ জৰিয়তে এই গৱেষণা সম্ভৱপৰ হৈ উঠিছে। ২০১৪ চনত উৎক্ষেপণ কৰা এই মহাকাশযানখনে প্ৰায় তিনি কোটি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰায়ুগুত উপস্থিত হৈছিল আৰু ২০২০ চনত গ্ৰহাণুটোৰ পৰা প্ৰায় ৫.৪ গ্ৰাম মাটি সংগ্ৰহ কৰি নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল। এই মাটিৰ নমুনা পৰীক্ষা কৰি ২০২৩ চনত বিজ্ঞানীসকলে আৰএনএৰ অন্যতম গুৰুত্বপূৰ্ণ যৌগ ‘ইউৰাচিল’ৰ সন্ধান পাইছিল। কিন্তু শেহতীয়া গৱেষণাত কেৱল ইউৰাচিলেই নহয়, বৰঞ্চ ডিএনএৰ চাৰিওটা যৌগিক উপাদান— এডেনিন, গুয়ানিন, চাইট’ছিন আৰু থাইমিন— ৰায়ুগুৰ মাটিত থকাটো নিশ্চিত কৰা হৈছে।

​অৱশ্যে, প্ৰাণৰ সৃষ্টিৰ বাবে প্ৰয়োজনীয় এই উপাদানসমূহ পোৱা গৈছে বুলিয়েই গ্ৰহাণুটোত যে জীৱৰ অস্তিত্ব আছে, সেইটো নিশ্চিতকৈ ক’ব নোৱাৰি। গৱেষক দলটোৰ অন্যতম সদস্য তথা জাপান এজেঞ্চি ফৰ মেৰিন-আৰ্থ এণ্ড টেকন’লজীৰ জৈৱ-ভূৰসায়নবিদ তোশিকি কোগাই বাতৰি সংস্থা এএফপিৰ আগত স্পষ্ট কৰি দিয়ে যে, “গ্ৰহাণুটোত এনে কিছুমান যৌগিক উপাদান আছে, যিবোৰ প্ৰাণ সৃষ্টিৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।” বিজ্ঞানীসকলৰ এটা বৃহৎ অংশই দীৰ্ঘদিন ধৰি অনুমান কৰি আহিছে যে পৃথিৱী সৃষ্টিৰ প্ৰাৰম্ভিক পৰ্যায়ত মহাকাশৰ পৰা অহা কোনো গ্ৰহাণু বা উল্কাপিণ্ডৰ খুন্দাৰ ফলতেই এই গুৰুত্বপূৰ্ণ জৈৱিক উপাদানসমূহ পৃথিৱীৰ বুকুলৈ আহিছিল।

​উল্লেখ্য যে, পৃথিৱীৰ বাহিৰত এনে উপাদানৰ সন্ধান পোৱাটো এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৯ চনত নাছাই ‘বেন্নু’ নামৰ আন এটা গ্ৰহাণুলৈ প্ৰেৰণ কৰা ‘অচিৰিছ-ৰেক্স’ নামৰ মহাকাশযানে অনা মাটিত আৰু পৃথিৱীত খহি পৰা কেইটামান উল্কাপিণ্ডতো এনে উপাদানৰ অৱস্থিতি ধৰা পৰিছিল। তথাপিও, ৰায়ুগুৰ দৰে এক অক্ষত গ্ৰহাণুৰ পৰা পোৱা এই প্ৰমাণে মহাকাশবিজ্ঞানীসকলক প্ৰাণৰ উৎপত্তিৰ মহাজাগতিক সংযোগৰ বিষয়ে এক সুদৃঢ় ধাৰণা প্ৰদান কৰিবলৈ সক্ষম হৈছে।

Related News