NORTHEAST NOW (Assamese)

কনিষ্ঠ ছাত্ৰক ৰেগিং: পাঁচ ছাত্ৰক ব্যতিক্ৰমী শাস্তিৰ বিধান উচ্চ ন্যায়ালয়ৰ

March 10, 2022 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 10, 2022 7:19 pm
প্ৰতিনিধিত্বমূলক ফটো

মহাবিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰি এক বিশেষ ধৰণৰ শাস্তিৰ সন্মুখীন হৈছে কেৰালাৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঁচজন ছাত্ৰ। কেৰালা উচ্চ ন্যায়ালয়ে ৰেগিং গোচৰত অভিযুক্ত শিক্ষাৰ্থী কেইজনক শাস্তি স্বৰূপে সমাজ সেৱা কৰিবলৈ নিৰ্দেশ দিছে।

কেৰালা উচ্চ ন্যায়ালয়ে ৰেগিঙত অভিযুক্ত ছাত্ৰ পাঁচজনক কোল্লাম জেনেৰেল চিকিৎসালয়ত দুসপ্তাহৰ বাবে সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে।

ন্যায়াধীশ কে হৰিপালে অভিযুক্ত ছাত্ৰ পাঁচজনক ২১ মাৰ্চত কোল্লাম জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিবৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিবে চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে আলোচনা কৰি দিনে কমেও আঠ ঘণ্টাকৈ দুসপ্তাহৰ বাবে ছাত্ৰ কেইজনক সামাজিক সেৱা আগবঢ়াবলৈ দায়িত্ব অৰ্পণ কৰিব।

আদালতে স্পষ্ট কৰি দিয়ে যে সমাজ সেৱাৰ সন্তোষজনক প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতহে অভিযুক্ত ছাত্ৰ কেইজনক দোষমুক্ত কৰা হ’ব।

অভিযুক্ত এম এছ হৰিকৃষ্ণন, এম চাহল মুহাম্মাদ, অভিষেক অনন্তৰামন, নাভান আনিস আৰু অস্বিন মনোহৰে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা ৰেগিং গোচৰ বাতিলৰ অনুৰোধ জনাই আদালতত আবেদন দাখিল কৰিছি।

এই আৱেদনৰ শুনানি গ্ৰহণ কৰি কেৰালা উচ্চ ন্যায়ালয়ে এই ব্যতিক্ৰমী শাস্তিৰ বিধান প্ৰদান কৰে।

Related News