NORTHEAST NOW (Assamese)

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মানৱ জীৱনকলৈ স্বাস্থ্য বিভাগৰ ল’ৰা-ধেমালি! অক্সিজেনৰ অভাৱক লৈ ক্ষুব্ধ মানৱাধিকাৰ কৰ্মী

March 13, 2025 9:12 am · এন ই নাও নিউজ, গুৱাহাটী

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ জীৱনক লৈ এতিয়া চৰম হেতালি খেলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ দীৰ্ঘদিন ধৰি চিকিৎসা মহাবিদ্যালয়খনত প্ৰয়োজনীয় চিকিৎসক, অন্যান্য সা-সুবিধাৰ অভাৱত লখিমপুৰ বাসীয়ে জীয়াতু ভুগি অহাৰ সময়তে শেহতীয়াকৈ মহাবিদ্যালয়খনত জীৱনদায়িনী অক্সিজেন নাইট্ৰাছ অক্সাইড  আৰু কাৰ্বনডাই অক্সাইডৰ  যোগান বন্ধই চিকিৎসা মহাবিদ্যালয়খনৰ ফোপোলা স্বৰূপ উদঙাই তুলিছে৷

প্ৰাপ্ত অভিযোগ অনুসৰি স্বাস্থ্য বিভাগে অক্সিজেন যোগানকাৰী প্ৰতিষ্ঠান প্ৰিমিয়াৰ ক্ৰাইজেনিকচ লিমিটেডক দিব লগা ধন পৰিশোধ কৰিব নোৱৰাৰ বাবেই এতিয়া প্ৰতিষ্ঠানটোৱে ১১ মাৰ্চত মহাবিদ্যালয়খনলৈ অক্সিজেন যোগান বন্ধ কৰি দিয়াত চিকিৎসা মহাবিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইফালে চিকিৎসা মহাবিদ্যালয়খনত এই পৰ্যন্ত আৰু মাত্ৰ দুদিনৰ বাবেহে অক্সিজেন মজুত আছে৷ এই খবৰ বৰ্তমান দিল্লীত থকা ৰাজ্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱাধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই জানিব পাৰি তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া কেৱল লক্ষীমপুৰ জিলাৰ চিকিৎসা মহাবিদ্যালয়ৰ অৱস্থা নহয় গুৱাহাটী আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰে ৰাজ্যৰ বাকী বিভিন্ন চিকিৎসা মহবিদ্যালয়ত জৰুৰীকালিন ব্যৱস্থা সমূহ সঠিক ভাবে উপলব্ধ নাই।

ড০ দিব্যজ্যোতি শইকীয়াই কয় যে, বৰ্তমান সময়ত অতিকে জৰুৰী হাৰ্টৰ চিকিৎসা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰে ৰাজ্যৰ কোনো এখণ চিকিৎসা মহাবিদ্যালয়ত সঠিক ভাবে উপলব্ধ নহয়। এনেধৰণৰ চৰকাৰৰ অবহেলাক তেওঁ পোনপটীয়াকৈ মানব অধিকাৰ উলংঘন তথা নাগৰিকৰ জীবনৰ প্ৰতি ভাবুকি বুলি কৈ ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে এনে ধৰণৰ অভাৱ দূৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়।

জানিব পৰা মতে- প্ৰিমিয়াৰ ক্ৰাইজেনিকচ লিমিটেডে যোৱা ৩০-০৬-২০২৪ তাৰিখৰ পৰা অক্সিজেন, নাইট্ৰাছ অক্সাইড আৰু কাৰ্বনডাই অক্সাইড চিকিৎসা মহাবিদ্যালয়খনক যোগান ধৰাৰ বিপৰীতে কেৱল মাত্ৰ ৭ লাখ ৪৮ হাজাৰ ৬৯২ টকাৰ বিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আদায় কৰা নাই ৷

যাৰ বাবে প্ৰতিষ্ঠানটোৱে পত্ৰযোগে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক উক্ত অনাদায় ধন আদায় নিদিয়া পৰ্যন্ত অক্সিজেন নাইট্ৰাছ অক্সাইড  আৰু কাৰ্বনডাই অক্সাইড  যোগান নধৰাৰ ভাবুকি প্ৰদান কৰিছে৷ এই সন্দৰ্ভত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ সহ মুখ্য অধীক্ষকে ডি এম ই লৈ আজি এখন পত্ৰ প্ৰেৰণ কৰি উক্ত বিষয়টোৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান  জনাইছে৷ পত্ৰখনত উল্লেখ কৰিছে যে উপলব্ধ অত্যাৱশ্যকীয় গেছৰ মজুত আৰু মাত্ৰ দুদিনলৈহে থাকিব পাৰে৷

Related News