আমি ক’ৰ’না সংক্ৰমণৰ তৃতীয় স্তৰলৈ যোৱাৰ পৰা ভাৰতক ৰক্ষা কৰাত বৰ্তমানলৈ সফল হৈছো : ড০ হৰ্ষবৰ্ধণ
স্বাস্থ্ মন্ত্ৰী হৰ্ষবৰ্ধণ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধণে শুকুৰবাৰে ভাৰত চৰকাৰে বৰ্তমানলৈ ভাৰতক ক’ৰ’না মহামাৰীৰ তৃতীয় পৰ্যায়ত প্ৰৱেশৰ পৰা ৰক্ষা কৰিব পাৰিছে বুলি মন্তব্য কৰে।
‘‘আমি বৰ্তমানলৈ ৫.৫ লাখ টেষ্ট সম্পূৰ্ণ কৰিছো আৰু প’জিটিভ কেচ ৩-৪ শতাংশতকৈ বেছি হোৱা নায়,’’ হৰ্ষবৰ্ধণে লগতে কয়।
‘‘আমাৰ হাতত দেশৰ অত্যাধিক সংক্ৰমণ হোৱা ঠাইৰ সম্পূৰ্ণ তথ্য আছে,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।
উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ২৩,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৭০০ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে।
অসমতো বৰ্তমানলৈ ৩৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মাত্ৰ এগৰাকী লোকৰ মৃত্যু হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে ভালেমান স্বাস্থ্য পৰামৰ্শদাতাই ভাৰত চৰকাৰৰ ল’কডাউনৰ সিদ্ধান্তক আদৰণি জনাইছে।