NORTHEAST NOW (Assamese)

হেমা মালিনীৰ কৃপা! অৱশেষত বিহুৱে পালে স্বীকৃতি: পাটনাৰ পৰা জগতসভালৈ বাট বুলিলে বিহুৱে

April 14, 2023 11:01 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 14, 2023 11:02 am

সৰুসজাইত উছাহ, এই উছাহে চানি ধৰিছে সমগ্ৰ ৰাজ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে বিশেষ উদ্যোগ, এই উদ্যোগৰ বলতে প্ৰকৃতিৰ বুকুৰ বসন্ত চেতনাত লীণ যোৱা বিহুটি সৰসজাইৰ পৰা বাট বুলিব জগত সভালৈ। বিহুক জগত সভালৈ পঠিওৱাৰ বাসনাত সৰুসজাইত উথপথপ লগাইছে ১১ হাজাৰ নাচনী-ঢুলীয়াই।

সকলো ঠিকেই হৈ গ’ল। সৰুসজাইৰ পৰা ১১ হাজাৰ নাচনী ঢুলীয়াই জগত সভালৈ বুলি উলিয়াই পঠালে বিহুক। সকলোৱে ভাবিছিল, বিহুটিয়ে পোনে পোনে জগতসভাতে ভৰি দিবগৈ! পিছে কথাতে কয়, বিধিয়ে দিলেও বিধাতাই নিদিয়ে! যাত্ৰাপথতে বিহুৰ ক্ষেত্ৰতে লাগিল কেণা!

জগতসভালৈ যোৱা বিহুটি ৰৈ গ’ল বিহাৰত। প্ৰকৃততে ৰৈ যোৱা নহয়, বিহুত বিহাৰৰ প্ৰলেপ দি ৰখাই থ’লে বিজেপিৰ টিকটত লোকসভালৈ যোৱা একালৰ বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীয়ে! এই অথন্তৰত থতমত খালে বিহুৱে, হচকিত হৈ উঠিল অসমবাসী।

বিহু বিহাৰত ৰখাই ড্ৰীমগাৰ্ল হেমা মালিনীয়ে কালি লিখি দিলে, “এতিয়া শস্যৰ বতৰ। তামিজ পুথাণ্ডু (নতুন বছৰ), বৈশাখী (পঞ্জাৱ), বিহু (বিহাৰ) আৰু পহেলা বৈছাখ বা নব বৰ্ষ (বংগ) আদি কিছুমান উৎসৱ উদযাপন কৰা সময়। আপোনালোক সকলোকে এক মনোমোহা উৎসৱৰ মাহৰ শুভেচ্ছা।”

 

ড্ৰীমগাৰ্লৰ এনে দুৰন্ত জ্ঞানত ত্ৰাহিমান অসমবাসী। যিকোনো মতে বিহুক পঠাব লাগে জগতসভালৈ। অৱশেষত পিছে ৰাজ্যবাসীয়ে লাভ কৰিলে সকাহ। আজি এক টুইট যোগে অৱশেষত হেমা মালিনীয়ে বিহুক দিলে স্বীকৃতি। ড্ৰীমগাৰ্লৰ কৃপাত বিহু হ’ল অসমৰ উৎসৱ!

অসমৰ প্ৰধান উৎসৱ হিচাপে গণ্য কৰা বিহুক অসমৰ পৰিৱৰ্তে বিহাৰৰ বুলি উল্লেখ কৰি বিহাৰবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা জনোৱাৰ পিছতে আজি এক টুইট যোগে ক্ষমা বিচাৰে হেমা মালিনীয়ে।

নিজ টুইটাৰ হেণ্ডেলত আজি হেমা মালিনীয়ে লিখিছে, “ভুলতে মই বিহুক বিহাৰত উদযাপন কৰা উৎসৱ বুলি উল্লেখ কৰিলো। ক্ষমা কৰিব! প্ৰকৃততে বিহু অসমৰ উৎসৱ বুলি উল্লেখ কৰিব লাগিছিল।”

 

এইদৰেই এতিয়া বিহুৱে বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীৰ কৃপাত লাভ কৰিলে স্বীকৃতি। বিহাৰত ৰৈ যোৱা বিহুৱে এতিয়া পোনে পোনে পাটনাৰ পৰা বাট বুলিছে জগতসভালৈ। থোৰতে, সৰুসজাইৰ প্ৰচেষ্টাই লাভ কৰিলে সফলতা!

Related News