NORTHEAST NOW (Assamese)
Popular Stories

মদাহী স্বামী বা প্ৰেমিকক কেনেকৈ এৰুৱাব মদ? আজিয়েই জানি লওক কেইটামান কিটিপ 

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 19, 2024 8:56 pm

স্বামী মদাহী হোৱাৰ বাবেই বহুতৰে সংসাৰলৈ জটিলতা নামি আহে। মদাহী স্বামী বা প্ৰেমিকৰ এই অভ্যাসৰ বাবে না না দুৰ্গতি ভোগ কৰিবলগা হয় পত্নী বা প্ৰেমিকাগৰাকীয়ে। সমাজৰ আগত মদাহী স্বামীৰ বাবেই সন্মান হানি হয় মহিলাৰ। আনকি ঘৰুৱা পৰিৱেশলৈও নামি আহে নানান অশান্তি। ইয়াৰ লগতে স্বাস্থ্যজনিত সমস্যায়ো মৃত্যুৰ ফালে টানি নিয়ে প্ৰিয় পুৰুষগৰাকীক। সেয়ে প্ৰতি গৰাকী পত্নী বা প্ৰেমিকাই নিজৰ প্ৰিয় পুৰুষক মদৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। তেওঁলোকে বিচাৰে তেওঁলোৰ প্ৰিয় পুৰুষজনে আটাইতকৈ বেছি মদক নহয় – তেখেতক ভাল পাওঁক। কিন্তু হাজাৰ চেষ্টা কৰিও স্বামী বা প্ৰেমিকক মদ এৰুওৱাত ব্যৰ্থতাৰ সন্মুখীন হয় অধিকাংশ মহিলা।  

সেয়ে আজি মহিলাসকলৰ বাবে লৈ আনিছোঁ মদ এৰুওৱাৰ কেইটামান বিশেষ কিটিপ –

১/ উদ্বেগ প্ৰকাশ কৰক : আপোনাৰ স্বামীৰ সৈতে তেওঁৰ মদ্যপানৰ সন্দৰ্ভত আপোনাৰ উদ্বেগ সম্পৰ্কে মুকলিকৈ কওক। তেওঁৰ প্ৰতি আপোনাৰ মৰম আৰু সমৰ্থন প্ৰকাশ কৰাৰ লগতে তেওঁৰ মদ্যপানে আপোনাক আৰু আপোনাৰ সম্পৰ্কত কেনে প্ৰভাৱ পেলাইছে সেই কথাও প্ৰকাশ কৰক। ভৱিষ্যত সম্পৰ্কে সতৰ্ক কৰি দিয়ক।

২/ নিজকে শিক্ষিত কৰক : মদ্যপানৰ আসক্তি, ইয়াৰ প্ৰভাৱ, আৰু উপলব্ধ চিকিৎসাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। নিচাৰ প্ৰকৃতি বুজি পালে আপোনাৰ স্বামীক মদ এৰুওৱা আৰু সুস্থ কৰি তুলিবলৈ সহায় হ’ব।

৩/ চিকিৎসকৰ সহায়ত মদ এৰিবলৈ উৎসাহিত কৰক : আপোনাৰ স্বামীক চিকিৎসক, থেৰাপিষ্ট, বা নিচাৰ পৰামৰ্শদাতাৰ ওচৰলৈ লৈ যাওক। এজন স্বাস্থ্যসেৱা পেছাদাৰীয়ে তেওঁৰ মদ্যপানৰ ব্যৱহাৰৰ মূল্যায়ন দিব পাৰে আৰু উপযুক্ত চিকিৎসাৰ পৰামৰ্শ দিব পাৰে। য’ত চিকিৎসা, ঔষধ, কাউনচিলিং আদিও অন্তৰ্ভুক্ত থাকিব।

৪/  আৱেগিক সহায় আগবঢ়াওক : আপোনাৰ স্বামীক জনাওক যে আপুনি তেওঁৰ বাবে আছে আৰু আপুনি তেওঁ মদ্যপান বন্ধ কৰাতো বিচাৰে। আপুনি বু্জাওক যে মদ এৰিবলৈ তেখেতে কৰা প্ৰচেষ্টাত পূৰ্ণ সহযোগিতা আগবঢ়াব। উৎসাহ, সহানুভূতি আগবঢ়াওক।

৫/ সীমা নিৰ্ধাৰণ কৰক : আপোনাৰ স্বামীৰ মদ্যপান আৰু আপোনাৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত স্পষ্ট সীমা নিৰ্ধাৰণ কৰক। আপোনাৰ বাবে কি কি আচৰণ গ্ৰহণযোগ্য আৰু সেই সীমা অতিক্ৰম কৰিলে কি পৰিণতি হ’ব পাৰে সেই বিষয়ে দৃঢ়তাৰে কওক।

৬) স্বাস্থ্যকৰ অভ্যাসক উৎসাহিত কৰক : আপোনাৰ স্বামীক এনে সুস্থ অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰক যিয়ে তেওঁৰ মদ এৰাত সহায় কৰিব পাৰে। যেনে নিয়মীয়া ব্যায়াম, সুষম খাদ্য, মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশল, আৰু তেওঁ ভাল পোৱা কামত লিপ্ত হোৱা আদি।

৭/ ধৈৰ্য্যশীল হওক : মদ্যপানৰ আসক্তিৰ পৰা পৰিত্ৰাণ পোৱাতো এটা দীঘলীয়া প্ৰক্ৰিয়া। কাজিয়া কৰাৰ সলনি বা গালি দিয়াৰ সলনি স্বামীৰ প্ৰতি ধৈৰ্য্যশীল হওক আৰু বুজাবুজি দেখুৱাওক। দীৰ্ঘদিন মদ খোৱা ব্যক্তি এজনে একেদিনাই মদ এৰি দিয়াতো প্ৰায় অসম্ভৱ। গতিকে লাহে লাহে এৰুৱাবলৈ চেষ্টা কৰক।

৮) হ্ৰাস প্ৰক্ৰিয়া – আপোনাৰ স্বামীৰ মদ খোৱাৰ পৰিমাণ ক্ৰমে হ্ৰাস কৰিবলৈ কওক। আগতে যদি চাৰি পেগ খাইছিল তেন্তে এতিয়া তিনিপেগ খাবলৈ দিয়ক। তাৰপিছত দুপেগ খাবলৈ দিয়ক। এনেদৰে হ্ৰাস কৰি কৰি গৈ থাকক, সুফল পাব। নাইবা আগতে যদি প্ৰত্যেক দিনাই খাইছিল তেন্তে এতিয়া এদিন এৰি এদিন খাবলৈ কওঁক। তাৰপিছত দুদিনৰ মূৰে মূৰে খাবলৈ কওক। তেনেদৰে বিৰাম বঢ়াই গৈ থাকক।

৯) সংগ দিয়ক : গধূলি হ’লেই যদি আপোনাৰ স্বামীয়ে মদ খাবলৈ বিচাৰে তেন্তে গধূলি সময়ত স্বামীৰ লগত কথা পাতক, ফুৰিবলৈ যাওক। গধূলি আত্মীয় স্বজনৰ লগত স্বামীৰ সৈতে একেলগে বহি ৰসাল কথা আলোচনা কৰক। মুঠৰ ওপৰত সন্ধিয়া স্বামীক ভালদৰে ব্যস্ত কৰি ৰাখক।

মনত ৰখা ভাল যে কাৰোবাক মদ্যপান এৰিবলৈ বাধ্য কৰিব নোৱাৰি। মদ খোৱা ব্যক্তিজনে নিজেও মদ এৰিবলৈ বিচাৰিব লাগিব। গতিকে, মদ এৰাৰ ইচ্ছা জগাই তুলিবলৈ আৱেগ আৰু মৰমৰ সদ ব্যৱহাৰ কৰক।