NORTHEAST NOW (Assamese)

আপোনাৰ ফেইচবুক একাউন্টৰ গোপনীয়তা কেনকৈ ৰক্ষা কৰিব? চাওক পাঁচটা কিটিপ

March 22, 2020 11:05 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

চ’ছিয়েল মিডিয়াৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ফেইচবুক। বিশ্বৰ প্ৰায়সংখ্যক মানুহৰে আজিৰ তাৰিখত একোটা ফেইচবুকৰ একাউন্ট আছে।

ফেইচবুকৰ যোগেদি সমাজত বিভিন্ন ধনাত্মক কাম সম্পন্ন হ’লেও ইয়াৰ ঋণাত্মক প্ৰভাৱে সমাজৰ ক্ষতি কৰাও দেখা গৈছে।

আনকি একাংশ দুষ্কৃতিকাৰীয়ে আনৰ ফেইচবুকৰ একাউন্ট হেক কৰি গোপনীয়তা ফাদিল কৰা উপৰি অসামাজিক প’ষ্ট আদি শ্বেয়াৰ কৰি বিপদ পেলোৱা দেখা যায়।

সেয়ে ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ একাউন্টৰ গোপনীয়তা ৰক্ষা কৰি চলিব লাগে।

বন্ধুত্ব নিৰ্বাচন

ফেইচবুকৰ একাউন্ট এটাৰ খোলাৰ পিছত বন্ধুত্ব নিৰ্বাচনত সচেতন হ’ব লাগে। অপৰিচিত আৰু প্ৰফাইলত ডিটিলেইছ উল্লেখ নথকা একাউন্টৰ গৰাকীক ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰা উচিত নহয়।

ৰিভিউ প’ষ্ট

কিছুমানে অনাহক বা অআহূত প’ষ্টত আপোনাক টেগ কৰি লাজত পেলাব পাৰে। সেই বাবে আপুনি নিজৰ একাউণ্টৰ প’ষ্টবোৰ ৰিভিউ কৰি থাকিব লাগে। যদি কোনোৱে আপোনাক তেনে প’ষ্টত টেগ কৰে আপুনি লগে লগে টেগটো ৰিম’ভ কৰিব পাৰে। আপুনি নিজৰ টাইম লাইন আৰু টেগিঙত গৈ ক্লীক কৰি টেগ ৰিভিউ কৰিব পাৰে।

নিজৰ টাইম লাইন নিয়ন্ত্ৰণ কৰি ৰাখিব তথা প’ষ্ট প্ৰাইভেছি

আপুনি নিজৰ টাইম লাইন নিৰ্দিষ্ট মানুহৰ বাবেহে উপলব্ধ কৰিব পৰাও সুবিধাও আছে। আপোনাৰ ফ্ৰেইণ্ড লিষ্টত থকা কোনো ব্যক্তিক আপোনাৰ প’ষ্ট প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰে।

স্থায়ীভাৱে ব্লক

যদি কোনো ব্যক্তিয়ে আপোনাক হাৰাশাস্তি কৰে অথবা আপোনাৰ ব্যক্তিত্বক হেয় প্ৰতিপন্ন কৰিব খুজিছে তেনে লোকক আপুনি স্থায়ীভাৱে ব্লক কৰিব পাৰে। ব্যক্তিজনক ব্লক কৰাৰ পিছত তেওঁ ফেইচবুকত আপোনাৰ কোনোপ্ৰধ্যে আৰু হাৰাশাস্তি কৰিব নোৱাৰিব।

Related News