NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্বক এৰি অসমত পৰৱৰ্তী চৰকাৰৰ নেতৃত্বত পুনৰ সোণোৱাল

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 10, 2019 5:58 pm
Himanta Biswa out, BJP to form next Govt in Assam under Sonowal's leadership, claims RP Sharma

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাহিৰত ৰাখি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে ’২১ত অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বিজেপিয়ে, সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ দাবী।

লোকসভা নিৰ্বাচনত টিকেট বঞ্চিত, বিক্ষুব্ধ সাংসদগৰাকীয়ে সংবাদ মাধ্যমত বুধবাৰে কৰিছে এই মন্তব্য।

“২০২১-ত আমি লবি ভাঙি চৰকাৰ গঠন কৰিম। সেই চৰকাৰত সোণোৱাল থাকিব কিন্তু হিমন্ত বিশ্ব শৰ্মা নাথাকে। কংগ্ৰেছৰ পৰা খেদা খোৱা নেতাক আমি থাকিবলৈ নিদিওঁ,” আৰ পি শৰ্মাৰ মন্তব্য।

গেৰুৱা দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে দাবী কৰিছে যে পৰৱৰ্তী বিধান সভা নিৰ্বাচনত বিজেপিয়ে অসমত ৭০ৰ পৰা ৮০খন আসন দখল কৰিব।

শৰ্মাৰ নেতৃত্বত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া “ন বিজেপি”সকলক লৈ প্ৰবীন নেতাগৰাকীয়ে বিভিন্ন সময়ত বিষোদগাৰ কৰি আহিছে।

বিজেপিৰ লগতে আৰ এছ এছৰো পুৰণি কৰ্মীৰূপে দাবী কৰা সাংসদ শৰ্মাই আসন্ন নিৰ্বাচনৰ পিছতে অসমৰ বিজেপি দলটোক পুনৰ ন ৰূপত গঢ় দিয়াৰ কথা কৈছিল।

আৰ পি শৰ্মাৰ উপৰিও এই নিৰ্বাচনত বৰ্তমানৰ সাংসদ ৰাজেন গোহাঁই, ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তীৰ দৰে পুৰণি নেতাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই।

তাৰ বিপৰীতে তেজপুৰ, নগাওঁ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ, গুৱাহাটী আৰু স্বায়ত্ত শাসিত জিলা– এই ৭টা সমষ্টিতেই “ন-বিজেপি”য়ে প্ৰাৰ্থিত্ব লাভ কৰিছে।

তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস, লখিমপুৰৰ সাংসদ তথা প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰূপে পৰিচিত।