NORTHEAST NOW (Assamese)

হিন্দু যুৱকৰ বাইকত মুছলমান যুৱতী! বাইক ৰখাই হিন্দু যুৱকক প্ৰহাৰ মুছলমান যুৱকৰ

May 17, 2023 9:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 18, 2023 12:01 pm

এগৰাকী হিন্দু যুৱকে বাইকত এগৰাকী মুছলমান যুৱতীক উঠাই নিয়াৰ বাবে কেইজমান মুছলমান যুৱকে প্ৰহাৰ কৰাৰ দৰে এক অমানুষিক ঘটনা সংঘটিত হৈছে। ঘটনাটো বিহাৰৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

প্ৰকাশিত খবৰৰ মতে সাগৰ কুমাৰ মিশ্ৰ নামৰ হিন্দু যুৱকজনে তেওঁৰ মুছলমান বান্ধৱীগৰাকীক বাইকত উঠাই পাটনা মাৰ্কেটেৰ গৈ আছিল। তেনে অৱস্থাতে কেইজনমান যুৱকে তেওঁলোকক আগভেটি ধৰে। হিন্দু যুৱকজনক বাইকৰ সৈতে পথৰ দাঁতিলৈ নি কেইজমান যুৱকে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ ধৰে।

মুছলমান যুৱতীগৰাকীয়ে হিন্দু বন্ধুগৰাকীৰ শাৰীৰিক আক্ৰমণ নকৰিবলৈ কান্দি কান্দি অনুৰোধ কৰে যদিও আক্ৰমণকাৰী যুৱকজনে সেই আহ্বান নুশুনি প্ৰহাৰ কৰি থকা দেখা গৈছে।

ঘটনাটো ভাইৰেল হোৱাৰ পাছতো আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাই বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ভুক্তভোগী হিন্দু যুৱকজনে এতিয়াও আৰক্ষী থানাত ঘটনা সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা নাই।

ভুক্তভোগী যুৱকজনে অভিযোগ দাখিল কৰিলে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ব্যৱস্থা ল’ব বুলিও প্ৰকাশ কৰিছে।

Related News