NORTHEAST NOW (Assamese)

ঐতিহাসিক নগৰৰ এটা ঐতিহাসিক ৰে’ল ষ্ট্যেশ্যন; ন্যুনতম সা-সুবিধাও নাই শিৱসাগৰ টাউন ৰে’ল ষ্ট্যেশ্যনত

March 12, 2022 8:12 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
Updated: March 12, 2022 8:25 pm
ফটো: নৰ্থইষ্ট নাও।

ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা এটা ষ্টেশ্যন হৈছে শিৱসাগৰ টাউন ৰে’ল ষ্টেশ্যন।ষ্টেশ্যনৰ প্লেটফৰ্মটো সৰু হোৱাৰ বাবে কি দৰে যাত্ৰীসকলে ৰে’লৰ ট্ৰেকৰ পৰা ৰে’লত উঠিব আৰু নামিবলগীয়া হয় সেই দৃশ্য দেখিলেই বুজিব পাৰি। এক বিপদসংকূলভাৱে যাত্ৰীসকলে ৰে’লত উঠা-নমা কৰি আহিছে।

শিৱসাগৰ ৰে’ল ষ্টেশ্যনৰ প্লেটফৰ্মটো ডাঙৰ কৰা, ষ্টেশ্যনৰ আন্তঃগাঁঠনি উন্নত কৰা, ৰাজধানীকে আদি কৰি সকলো ৰে’ল শিৱসাগৰ ষ্টেশ্যনত ৰখোৱা, ষ্টেশ্যনটো অটকধুনীয়াকৈ সজাই তোলা, ষ্টেশ্যনৰ বাহিৰে ভিতৰে নিৰাপত্তা প্ৰদান কৰা আদি দাবীসমূহ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে।

লগতে পঢ়ক: বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান

কিন্তু শিৱসাগৰবাসী ৰাইজৰ এই দাবীসমূহক কোনো গুৰুত্ব প্ৰদান নকৰে ৰে’ল কৰ্তৃপক্ষই। যাৰ বাবে দীৰ্ঘদিনে উপযুক্ত ৰে’ল সেৱাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে শিৱসাগৰবাসী।

ইপিনে, ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে ৰে’ল কৰ্তৃপক্ষৰ এনে অমনোযোগিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

লগতে পঢ়ক:মৰ্মান্তিক! মাতৃৰ নিথৰ দেহৰ কাষত চাৰি দিন কটালে ১০ বছৰীয়া সন্তানে

প্ৰশ্ন হয়, ১৯২৬ চনত স্থাপিত শিৱসাগৰ টাউন ষ্টেশ্যনৰ আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত কেতিয়া গুৰুত্ব দিব ৰে’ল কৰ্তৃপক্ষই? শিৱসাগৰ টাউন ষ্টেশ্যনত ৰে’ল বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ কেতিয়া চকু পৰিব? 

Related News