NORTHEAST NOW (Assamese)

হিটমেনৰ ৰূপত প্ৰত্যাৱৰ্তন ৰোহিতৰ, সূৰ্যৰ বেটিঙতো উত্তাপ; মুম্বাইয়ে হৰুৱালে ধোনীৰ চেন্নাইক

April 21, 2025 7:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2025 7:36 am

ফৰ্ম ইজ টেম্পোৰাৰি, বাট ক্লাছ ইজ পাৰ্মানেন্ট।” বহুলভাৱে ব্যৱহৃত এই বাক্যাংশ যেন ৰোহিত শৰ্মাক প্ৰতিনিধিত্ব কৰেফৰ্ম নাই, ফৰ্ম নথকাৰ বাবে ইমান সমালোচনা। হিটমেনে ক্লাছটো সাচি ৰাখিছিল ডাঙৰ যুঁজৰ বাবেযেনেদৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল, ৱানখেড়েত ধোনিৰ দলৰ বিৰুদ্ধে বিৰাট যুঁজৰ বাবে

ৰোহিতৰ বিধ্বংসী ইনিংছৰ জৰিয়তে মুম্বাইয়ে চেন্নাইক ৯ উইকেটত পৰাস্ত কৰে। সূৰ্য্যকুমাৰ যাদৱে যোগ্য সংগ দিয়ে। ইপিনে, যি সময়ত হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে বিজয়ৰ হেট্ৰিকেৰে প্লে অফৰ দিশে এখোজ দুখোজকৈ আগবাঢ়িছে, সেই সময়ত ধোনীৰ চেন্নাই আৰু অধিক অন্ধকাৰলৈ গতি কৰিছে।

দেওবাৰে নিশা টছত জয়লাভ কৰি মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰায় প্ৰতিখন মেচৰ দৰেই এইবাৰো চেন্নাইৰ বেটিঙৰ আৰম্ভণি ভাল নহ’ল। ৰাচিন ৰবিন্দ্ৰই মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি উভতি যায়। ছাইক ৰছিদৰ সংগ্ৰহ মাত্ৰ ১৯।

কিন্তু এই দিনটোতে ১৭ বছৰীয়া আয়ুষে অভিষেকতে নিজৰ স্থিতি দেখুৱাই দিলে। ৰাজস্থানৰ যদি ১৪ বছৰীয়া বৈভৱ আছে, তেন্তে ৰুতুৰাজৰ সলনি হিচাপে অহা আয়ুষেও ডাঙৰ মঞ্চত নিজৰ উপস্থিতি জনাই দিলে। তেওঁ মাত্ৰ ১৫টা বলত ৩২ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পৰাই ৰবীন্দ্ৰ জাদেজা আৰু শিৱম ডুবেই চেন্নাইৰ ইনিংছ আগুৱাই লৈ যায়। দুয়োজনে অৰ্ধশতক অৰ্জন কৰে যদিও ৰাণৰ গতি ক্ষিপ্ৰতাৰে আগবাঢ়িব পৰা নাছিল। ধোনীয়ে ৬টা বলত মাত্ৰ ৪ ৰান সংগ্ৰহ কৰে। বুমৰাহ আৰু ছান্টনাৰৰ আধিপত্যৰ বাবে ৫ উইকেট হেৰুৱাই চেন্নাইৰ ইনিংছ ১৭৬ ৰানতে সমাপ্ত হয়।

তাৰ পিছত আৰম্ভ হ’ল হিটমেনৰ বিস্ফোৰণ। ৰিয়ান ৰিকেলটনে আৰম্ভণিৰ স্থিতি গঢ়ি তোলে। ৰোহিতে সেই সুযোগ নেহেৰুৱালে। আৰু যেতিয়া তেওঁ ছন্দত থাকে তেতিয়া বিপক্ষৰ বলাৰৰ কি অৱস্থা হয় তাক দোহাৰাৰ প্ৰয়োজন নাই।

আৰম্ভণিটো অলপ লাহে লাহে কৰিলে৷ তাৰপিছতে সূৰ্যক লগত লৈ ৰোহিতে তাণ্ডৱ আৰম্ভ কৰিলে। ৰবীন্দ্ৰ জাদেজাক আক্ৰমণ কৰি মেচখনৰ ‘মুড’ স্থিৰ কৰি দিলে সূৰ্য্যই। তুলনামূলকভাৱে অশ্বিনে অলপ সন্তুলন লক্ষা কৰে। অৱশ্যে ৰোহিত-সূৰ্যক ৰখাবলৈ সেয়া যথেষ্ট নাছিল।

ৰোহিতে ৪৫টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৬টা ছয়। আনহাতে, সূৰ্য্যই ৩০টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। মুম্বাইয়ে ৯ উইকেটত জয়লাভ কৰে।

টছৰ সময়ত ৱানখেড়েত ধোনিৰ নাম লৈ শ্লোগান শুনা গৈছিল। ইয়াৰ অন্ত পৰিল ৰোহিতৰ নামত জয়ধ্বনিৰে। ৮খন খেলৰ পৰা ৮ পইণ্ট লাভ কৰি লীগ তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয় মুম্বাই। ইয়াৰ পূৰ্বেও এক বিধ্বস্ত পৰিস্থিতিৰ পৰা উভতি আহিছিল মুম্বাই। সেইটো এইবাৰ আকৌ দেখা যাবনে?

আনহাতে, ৮খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি চেন্নাই তালিকাৰ তলত আছে। ধোনীয়েও একপ্ৰকাৰ মানি লৈছে যে চেন্নাইৰ প্লে অফলৈ যোৱাৰ আশা ক্ৰমান্বয়ে কমি আহিছে।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছঃ ১৭৬/৫ (জাদেজা ৫৩, শিৱম ৫০, বুমৰাহ ২৫/২)

মুম্বাই ইণ্ডিয়ানছঃ ১৭৭/১ (ৰোহিত ৭৬, সূৰ্য্য ৬৮, জাদেজা ৩৮/১)

মুম্বাই ইণ্ডিয়ানছে ৯ উইকেটত জয়লাভ কৰে।

Related News