NORTHEAST NOW (Assamese)

টীয়কত ৰহস্যজনক অগ্নিকাণ্ড; বোৱাৰীয়েকে জ্বলাই দিলে শহুৰেকৰ ঘৰ

April 23, 2020 9:18 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ মুদৈজান ঢেকীয়ানী ভৰলুৱা গাঁৱত আজি বিয়লী সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভৰলুৱা গাঁৱৱ নন্দেশ্বৰ শইকীয়া নামৰ এজন বৃদ্ধৰ বাসগৃহ তেওঁৰ নিজ পুত্ৰ বধুৱে জ্বলাই দিয়াৰ অভিযোগ।

অভিযোগ মতে কোনো ঘৰুৱা কণ্ডলৰ সূত্ৰপাত হৈ বোৱাৰীয়েকে খঙত উত্তেজিত হৈ একেখন চোতালতে পৃথককৈ থকা ভড়াল সংলগ্ন বাসগৃহটো জ্বলাই দিয়ে।

পিছত ঘটনাৰ খবৰ পাই আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলাই যদিও ভড়ালৰ ধানকে ধৰি ঘৰুৱা সকলো আচবাব জুইত জাহ যায়।

সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি টীয়ক আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Related News