NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ কোকিলাৰ কীৰ্ত্তনপাৰাত আবকাৰী বিভাগৰ অভিযান : বৃহৎ পৰিমাণৰ চুলাই উৎখাট

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী March 24, 2021 3:08 pm
index

বঙাইগাঁৱৰ কোকিলাৰ কীৰ্ত্তনপাৰাত আবকাৰী বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে এজনক আটক কৰা হৈছে।

নিৰ্বাচনৰ গৰম বতাহৰ মাজতে দেহ মন গৰম কৰাৰ বাবে কীৰ্তনপাৰাত উৎপাদন কৰিছিল দেউলীয়া পানী।

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰা বজাৰত হঠাতে আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদখিনি নষ্ট কৰে।

দীৰ্ঘদিন ধৰি বজাৰখনত একাংশ অসাধু ব্যৱসায়ীয়ে অবাধে চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছিল।

হঠাৎ সন্ধিয়া গোপন সূত্ৰৰ পম খেদি আবকাৰী বিভাগে বৰঘোলা আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ লগতে নদীৰাম মণ্ডল নামৰ এজন ব্যৱসায়ীক আটক কৰে।

আবকাৰী বিভাগ আৰু বৰঘোলা আৰক্ষীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় সচেতন মহলে।