NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বন বিভাগে জব্দ কৰিলে গাড়ীসহ লক্ষাধিক টকাৰ মূল্যৱান চোৰাং কাঠৰ ফাণ্টা

Posted by: বিদ্যুৎ জ্যোতি বৰা April 7, 2019 12:16 pm

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি তিনি আলিত বন বিভাগে আজি অভিযান চলাই গাড়ীসহ মূল্যৱান চোৰাং কাঠ জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে গোপন খবৰৰ ভিত্তিত আজি পুৱা শালনা বন বিভাগৰ বন পালক প্ৰণৱ বৰাৰ নেতৃত্বত অহা এটা বনবিভাগৰ দলে চামগুৰি তিনি আলিত অভিযান চলাই এখন টাটা মোবাইল গাড়ীসহ মূল্যৱান চোৰাং মাকৈ শালৰ ফাণ্টা জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু সুবিধা বুজি চোৰাং কাঠ ব্যৱসায়ী আৰু গাড়ীখনৰ চালক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

এ এছ 02 বি চি 9043 নম্বৰৰ টাটা মোবাইল গাড়ীখনে কাৰ্বি আংলং জিলাৰ পাৰ্কুপ পাহাৰ ৰেঞ্জৰ অঞ্চলৰ পৰা মাকৈ শালৰ ফাণ্টাসমূহ কঠালগুৰি-বৰদল-চামগুৰি হৈ কাঠপাৰা অঞ্চললৈ চোৰাং ব্যৱসায়ীয়ে কঢ়িয়াই নি আছিল বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। আনহাতে জব্দ কৰা চোৰাং কাঠখিনি মূল্য প্ৰায় লক্ষাধিক টকাৰ হ’ব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত বন বিভাগে গাড়ীসহ চোৰাং কাঠখিনি শালনা ৰেঞ্জ লৈ নিয়ে।