NORTHEAST NOW (Assamese)

চামগুৰিত আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি বিস্কুটসহ হাইজেককৃত এখন ট্ৰাক

March 15, 2020 7:29 am · ভাৰ্গৱ হাজৰিকা
Updated: March 15, 2020 12:00 pm

নগাঁও জিলাৰ চামগুৰিত শনিবাৰে সন্ধিয়া উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ চুৰি পাৰ্লি কোম্পানীৰ বিস্কুটক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে।

বৃহস্পতিবাৰে নিশা তেজপুৰৰ পৰা আগৰতলা অভিমুখে গৈ থকাৰ অৱস্থাত তেজপুৰৰ এটি তেল ডীপুৰ সমীপৰ পৰা বিস্কুটসহ অপহৰণ কৰা হৈছিল ইউ.পি-২১এন-৩৬২৭ নম্বৰৰ এখন ট্ৰাক।

তেজপুৰ আৰু চামগুৰি আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত চামগুৰিৰ বাজিয়াগাঁৱৰ মকবুল হক নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে অপহৰণ কৰা ট্ৰাকখনত বোজাই কৰি অনা প্ৰায় পাচ শতাধিক পৰিমাণৰ পাৰ্লি বিস্কুটৰ কাৰ্টুন।

ইফালে সুযোগ বুজি গৃহস্থ তথা সমগ্ৰ কাণ্ডৰ সৈতে জড়িত মকবুল হক নামৰ অভিযুক্তটো ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, অপহৰণ কৰা খালী ট্ৰাকখন শুক্ৰবাৰে আৰক্ষীৰ অভিযানত নগাঁৱৰ ৰূপহীহাটৰ পৰা উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ কাণ্ডৰ সৈতে জড়িত থকা হেণ্ডিমেন বিজেন্দ্ৰৰ সিংক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ কৰে।

পৰৱৰ্তী সময়ত ধৃত বিজেন্দ্ৰৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে চামগুৰিৰ বাজিয়াগাঁৱত তেজপুৰ আৰু চামগুৰি আৰক্ষীয়ে যৌথ অভিযান চলাইছিল বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে আৰক্ষী সুত্ৰই।

অৱশ্যে অপহৰণ কাণ্ডটোৰ সৈতে জড়িত থকা পলাতক আন কেবাটাও অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিছে তেজপুৰ আৰক্ষীৰ এগৰাকী বিষয়াই।

Related News