NORTHEAST NOW (Assamese)

কোভিডৰ চিকিৎসাত আইচিএমআৰৰ এণ্টিছেৰাই দেখুৱাইছে আশাৰ ৰেঙণি

October 2, 2020 4:17 pm · এন ই নাও নিউজ

বিশ্বৰ বিজ্ঞানী মহলে  কোভিডৰ দৰৱ অথবা ভেকচিনৰ সন্ধানত দিন-ৰাতি একাকাৰ কৰি দিয়াৰ সময়তে ভাৰতৰ চিকিৎসা গৱেষণা পৰিষদে কোভিডৰ এক বিশেষ চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰি এই বিষয়ত নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

ICMR ৰ চিকিৎসা বিজ্ঞানী ডাঃ সমীৰণ পাণ্ডাই প্ৰকাশ কৰা মতে ICMR-এ   হায়দৰাবাদৰ বায়’ফাৰ্মাচিউটিকেল কোম্পানী Biological E Limited ৰ সহযোগত এবিধ বিশেষ উপাদান প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

এণ্টিছেৰা নামৰ এই উপাদান বিধ কোভিড ৰোগীৰ দেহত বেজীৰ সহায়ত প্ৰৱেশ কৰোৱাই সুফল লাভ কৰিব পৰা যাব বুলি পাণ্ডেই আশা প্ৰকাশ কৰে।

তেওঁ কয় যে এণ্টিছেৰা নামৰ উপাদান বিধ প্ৰথম অৱস্থাত ঘোঁৰাৰ দেহত প্ৰয়োগ কৰি সুফল পোৱা গৈছে।

এণ্টিছেৰাই কোভিড ৰোগীৰ দেহত ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব পৰা এণ্টিবডিৰ সৃষ্টি কৰিব বুলি তেওঁ কয়।

প্ৰথমে জন্তুৰ দেহত পৰীক্ষা কৰাৰ পিছতহে এই উপাদান বিধ মানৱ দেহত প্ৰয়োগ কৰা হব বুলি পাণ্ডেই মন্তব্য কৰে।

তেওঁ লগতে কয় যে উপাদান বিধ মানুহৰ দেহত প্ৰয়োগৰ বাবে ড্ৰাগছ কণ্ট’লাৰ জেনেৰেলৰো অনুমোদনৰ প্ৰয়োজন হ’ব।

Related News