NORTHEAST NOW (Assamese)

‘যদি মই ৰঞ্জী খেলিব পাৰো তেন্তে এদিনীয়া কিয় খেলিব নোৱাৰো?’ নিৰ্বাচকক প্ৰশ্ন মহম্মদ ছামীৰ

October 14, 2025 5:17 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ প্ৰবীণ বেগী বলাৰ মহম্মদ ছামীয়ে আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতৰ এদিনীয়া আৰু টি-২০ দলৰ পৰা তেঁওক বাদ দিয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

সীমিত অভাৰৰ দলত স্থান নোপোৱাৰ পাছতো তেওঁ মেচৰ বাবে সাজু বুলি উল্লেখ কৰাৰ লগতে ছামীৰ ফিটনেছ সন্দৰ্ভত প্ৰকাশিত বাতৰি ভুল বুলি উল্লেখ কৰে। ভাৰতীয় পেচাৰগৰাকীয়ে কয় যে যদি তেওঁ চাৰিদিনীয়া ৰঞ্জি ট্ৰফী মেচ খেলিব পৰাকৈ ফিট তেন্তে তেওঁ ৫০ অভাৰৰ ক্ৰিকেট মেচ খেলিবলৈয়ো সমানেই সক্ষম।

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা বঞ্চিত হোৱা প্ৰবীণ পেচাৰগৰাকীয়ে ১৫ অক্টোবৰৰ পৰা আৰম্ভ হবলগীয়া ২০২৫-২৬ ৰঞ্জী ট্ৰফী ছিজনৰ বাবে বংগৰ দলত স্থান লাভ কৰিছে। বুধবাৰে ক্ৰিকেট এছচিয়েশ্যন অৱ বেংগল (চিএবি)-এ নিশ্চিত কৰিছে যে দলটোৰ নেতৃত্বত থাকিব ক্ৰিকেটাৰ অভিমন্যুশ্বৰন।

ছামীয়ে সংবাদ মাধ্যমৰ আগত কয়, ভাৰতীয় দলটোৱে মোৰ সৈতে ফিটনেছ সন্দৰ্ভত যোগাযোগ কৰা নাছিল। মই তেওঁলোকক মোৰ ফিটনেছৰ বিষয়ে উদযাচি ক’বগৈ নোৱাৰো – তেওঁলোকে মোক সুধিব লাগিব। যদি মই চাৰিদিনীয়া ক্ৰিকেট খেলিব পাৰো, তেন্তে মই কিয় ৫০ অভাৰৰ খেল খেলিব নোৱাৰো? যদি মই ফিট নহলোহেঁতেন তেন্তে মই এনচিএত থাকিলোহেঁতেন আৰু ইয়াত ৰঞ্জি ট্ৰফীত খেলিব নোৱাৰিলোহেঁতেন।

স্মৰ্তব্য যে শেষবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত ভাৰতক প্ৰতিনিধিত্ব কৰা বংগৰ এই পেচাৰগৰাকীয়ে তাৰ পাছৰ পৰা জাতীয় দলত স্থান লাভ কৰা নাই।

Related News