NORTHEAST NOW (Assamese)

ভাৰত-চীন বিবাদ : সৰ্বদলীয় বৈঠকৰ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

June 17, 2020 3:41 pm · এন ই নাও নিউজ
Updated: June 17, 2020 3:43 pm

লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষই চৰম পৰ্যায় পোৱাক কেন্দ্ৰ কৰি শুকুৰবাৰে সন্ধিয়া ৫ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে।

সীমান্তত সৃষ্টি হোৱা এই বিবাদ সন্দৰ্ভত অনুষ্ঠিত হ’বলগীয়া আলোচনাত দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ অধ্যক্ষ সকল উপস্থিত থাকিব বুলি প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে জনায়।

ইফালে গলৱান উপত্যকাত সংঘটিত ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

সিঙে কয়, ‍‘এই ঘটনা বহুত দুখজনক আৰু চিন্তনীয়। জোৱানসকলে সাহসেৰে নিজৰ কৰ্তব্য পালন কৰি ছহিদ হ’ল। জোৱানসকলৰ ত্যাগ দেশবাসীয়ে কেতিয়াও নাপাহৰে আৰু মই ছহিদ পৰিয়ালৰ লগত আছো’।

তেওঁ লগতে কয় যে এই সংকটৰ সময়ত দেশ একত্ৰিত হৈ আছে আৰু আমি ভাৰতীয় সৈনিকক লৈ গৰ্বিত।

উল্লেখ্য যে সোমবাৰে নিশা গলৱান উপত্যকাত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱান ছহিদ হৈছিল।

এই ঘটনাৰ পিছতে সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ উপৰি শোকস্তব্ধ কৰি তুলিছে দেশবাসীক।

সীমা কেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰা সন্দৰ্ভক চীনৰ বিদেশ মন্ত্ৰীয়ে কয় যে চীন-ভাৰতে এই সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব।

তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে এই পৰ্যন্ত চীনে তেওঁলোকৰ কিমান সৈনিক নিহত হৈছে সেই সম্পৰ্কে কোনো তথ্য ৰাজহুৱা কৰা নাই।

Related News