NORTHEAST NOW (Assamese)

Covid-19 Update: দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৮০ হাজাৰ; আৰম্ভ ভেকচিনৰ বুষ্টাৰ ড’জ

January 10, 2022 11:16 am · এন ই নাও নিউজ, গুৱাহাটী

নৱবৰ্ষৰ প্ৰথমটো মাহৰ দ্বিতীয়টো দিনতে দেশত  কৰ’নাৰ সংক্ৰমণে পুনৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। আজিৰ দিনটোত প্ৰায় ১লাখ ০হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে সেইদৰে দেশত পজিটিভিটিৰ হাৰ ১৩.২৯ শতাংশ পাইছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১লাখ হাজাৰ ৭২৩ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ৫৯ হাজাৰ ৬৩২ জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ হাজাৰ ৩জন। দেওবাৰৰ তুলনাত দেশত সংক্ৰমণৰ হাৰ ১২.৬ শতাংশ বৃদ্ধি পাইছে।

এতিয়ালৈ দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৫লাখ হাজাৰ ৭২৭জন।

লগতে পঢ়ক: ইন্দোৰৰ পৰা ছুল্লি ডীলছৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ১৪৬ জন লোকৰ মৃত্যু হৈছে।

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮৩হাজাৰ ৯৩৬ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে লাখ ২৩ হাজাৰ ৬১ জন।

দেশত বৰ্তমানলৈকে ১৫১কোটি ৯৪ লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, অসমত বিগত ২৪ ঘন্টাত ৯৮৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যত পজিটিভিটিৰ হাৰ ৬.৪৮ শতাংশলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: CAAৰ ভিত্তিত অসমৰ বাসিন্দাৰ নাগৰিকত্বৰ আবেদন মানি ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে!

আনহাতে, দেশত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্নতাৰ মাজতে আজিৰে পৰা কৰ’না ভেকচিনৰ প্ৰতিৰক্ষামূলক ড’জ বা বুষ্টাৰ ড’জ প্ৰদান আৰম্ভ হৈছে। প্ৰথম শাৰীৰ কৰ’না যোদ্ধা, চিকিৎসক তথা স্বাস্থ্যকৰ্মী আৰু ষাঠি বছৰ বয়সৰ উৰ্দ্ধৰ কোম’ৰ্বিডিটি থকা ৰোগীক প্ৰথমতে এই বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব।

কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News