NORTHEAST NOW (Assamese)

Covid Update: প্ৰায় ৩মাহত সৰ্বাধিক দেশৰ দৈনিক কৰ’না সংক্ৰমণ; বৃদ্ধি পজিটিভিটিৰ হাৰ

June 10, 2022 10:44 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ কৰ’না আক্ৰান্তৰ সংখ্যাকলৈ যোৱা কেইদিনমানৰ পৰা সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতি আৰু অলপ বৃদ্ধি পাইছে। যোৱা কেইদিনমানত সংক্ৰমণৰ ধাৰা অব্যাহত ৰাখি দৈনিক সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। একে সময়তে পজিটিভিটিৰ হাৰ আৰু সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

আনহাতে, কৰ’নাৰ আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ফলত সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষত থকা তিনিখন ৰাজ্যক কেন্দ্ৰই সতৰ্ক কৰি দিছে।

শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ৭,৫৮৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এইটো যোৱা তিনি মাহৰ ভিতৰত সৰ্বাধিক। বৰ্তমান, দেশত কৰ’নাৰ ৩৬ হাজাৰ ২৬৭ জন সক্ৰিয় ৰোগী আছে। এয়া বৃহস্পতিবাৰৰ তুলনাত ৩,০০০ অধিক।

লতে পঢ়ক: Ukraine war: ইউক্ৰেইনে প্ৰতিদিনে ২০০ জনলৈকে সেনা হেৰুৱাইছে: জেলেনস্কিৰ সহযোগী পডোলিয়াক

দেশখনত সক্ৰিয় ৰোগীৰ সংখ্যা ০.০৮ শতাংশত উপনীত হৈছে। দৈনিক পজিটিভিটিৰ হাৰ ২.২৬ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘন্টাত কৰ’নাত ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এই সংখ্যাও পূৰ্বৰ দিনতকৈ অধিক। এতিয়ালৈকে দেশত মুঠ কোভিড মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭৪৭জন।

দৈনিক কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগতে সুস্থতাৰ হাৰো উদ্বেগজনক। পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৪৪ হাজাৰ ৯২ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত কৰ’নাৰ পৰা মাত্ৰ ৩,৭৯১জন লোক সুস্থ হৈ উঠিছে। সুস্থতাৰ হাৰ ৯৮.৭০ শতাংশলৈ হ্ৰাস পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৯৪.৭৬ কোটিতকৈও অধিক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১৫ লাখৰো অধিক লোকে ভেকচিন লৈছে।

লতে পঢ়ক: Fast Radio Burst: মহাজাগতিক ৰহস্য! অন্য গেলেক্সিৰ পৰা পৃথিৱীলৈ আহিছে ৰেডিঅ’ সংকেত; কোনে পঠিয়ালে?

দেশৰ দৈনিক সংক্ৰমণ বৃদ্ধি পাইছে যদিও  চৰকাৰে এই মুহূৰ্তত কোনো নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰা নাই। অৱশ্যে, কেইবাখনো ৰাজ্যত নতুনকৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব পাৰে।

Related News