NORTHEAST NOW (Assamese)

Covid Update দেশত দৈনিক সংক্ৰমণত কিছু সকাহ; অৱশ্যে উদ্বেগমুক্ত নহয় পৰিস্থিতি

October 31, 2021 11:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 31, 2021 12:59 pm

Covid Update দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৰ চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যা আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পোৱাত কিছু সকাহ দেখা গৈছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ৮৩০ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১৪ হাজাৰ ৩১৩ জন লোক।

দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত সংখ্যা হৈছেগৈ ৩কোটি ৪২লাখ ৭৩ হাজাৰ ৩০০জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪৪৬ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শনিবাৰে এই সংখ্যা আছিল ৫৪৯জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫ হাজাৰ ১৮৬জন।

Also Read: Centre Warns over Covid surge কোভিড সংক্রমণৰ ঘটনা বৃদ্ধিক লৈ অসম, পশ্চিমবংগক সকীয়ালে কেন্দ্ৰই

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ৬৬৭জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৬লাখ ৫৫ হাজাৰ ৮৪২জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৫৯হাজাৰ ২৭২জন। এয়া বিগত ২৪৭ দিনৰ ভিতৰত সৰ্বনিম্ন।

বৰ্তমানলৈ দেশত ১০ কোটি ১৪ লাখ ৪০ হাজাৰ ৩৩৫জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

Also Read: অহা ২০২২’ ত হ’বলগীয়া মণিপুৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মেৰীকমৰ স্বামীয়ে

উৎসৱৰ পাছতে দেশত সংক্ৰমণ বৃদ্ধি পাইছে। কেন্দ্ৰই ইতিমধ্যে অসম আৰু পশ্চিমবংগ চৰকাৰৰ পত্ৰ লিখি সংক্ৰমণৰ বাবে উদ্বেগ প্ৰকাশ কৰি সতৰ্ক কৰি দিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News