NORTHEAST NOW (Assamese)

ম্যানমাৰৰ নৌ সেনা বাহিনীক প্ৰথমখন চাবমেৰিণ দিব ভাৰতে

October 16, 2020 9:22 pm · এন ই নাও নিউজ
চাবমেৰিণ, উৎস-ইণ্টাৰনেট

ভাৰতে ইয়াৰ চুবুৰীয়া দেশ ম্যানমাৰৰ নৌ সেনা বাহিনীক ইয়াৰ প্ৰথমখন চাবমেৰিণৰ অৰ্পন কৰিব।

ভাৰতে ম্যানমাৰ নৌ সেনা বাহিনীক আই এন এছ সিন্ধুবীৰ নামৰ কিলো ক্লাছ চাবমেৰিণ অৰ্পন কৰিব।

”এয়া হ’ল আমাৰ চুবুৰীয়া দেশৰ সৈতে থকা আমাৰ বিশ্বাস আৰু একতা…..আমাৰ চুবুৰীয়া দেশক আত্মনিৰ্ভৰশীল হোৱাৰ বাবেই ভাৰতে এই প্ৰচেষ্টা হাতত লৈছে,” বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়।

উল্লেখযোগ্য যে, ভাৰতে শেহতীয়াভাৱে ম্যানমাৰৰ সৈতে সমুদ্ৰ পৃষ্ঠত দুয়োখন দেশৰ শক্তিবৃদ্ধিৰ ক্ষেত্ৰত সন্মিলিত হৈ কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।

চীনে ভাৰত মহাসাগৰত নিজৰ নৌ সেনা বাহিনীৰ শক্তি বৃদ্ধি কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা সময়ত ভাৰতেও চুবুৰীয়া দেশ সমূহৰ সৈতে নৌ সেনা বাহিনীৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰিছে।

Related News