NORTHEAST NOW (Assamese)
অসম

জেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদ কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2020 8:58 pm

জেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদৰ শৰীৰত আজি ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে টুইটাৰযোগে এইকথা প্ৰকাশ কৰাৰ লগতে যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক কোভিড-১৯ প্ৰট’কল মানি চলাৰ বাবে আহ্বান জনায়।

৭১ বছৰীয়া সাংসদ গৰাকী হৈছে ক’ৰ’না আক্ৰান্ত হোৱা কংগ্ৰেছৰ চতুৰ্থ গৰাকী জেষ্ঠ নেতা।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ জেষ্ঠ সাংসদ আহমেদ পেটেল, মোতিলাল ভোহৰা আৰু অভিষেক সিংহবি ক’ৰ’না প’জিটিভ হৈছিল।

এইসকল কংগ্ৰেছী নেতাৰ ভিতৰত সিংহবি চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠাৰ বিপৰীতে বাকী কেইগৰাকী নেতা এতিয়াও চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য যে, বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে গোলাম নবী আজাদৰ লগতে ২০ জনীয়া প্ৰচাৰকৰ নাম নিৰ্বাচন কৰিছিল।