NORTHEAST NOW (Assamese)

বাসগৃহত জুই, পিতৃ-মাতৃৰ চকুৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ

December 19, 2022 10:29 am · এন ই নাও নিউজ, গুৱাহাটী
ঘটনাৰ বলি তানিয়া বাথিজা। ফটো: সংগৃহীত।

Indian origin businesswoman dies in cottage fire বাসগৃহত জুই লগাৰ পিছত অগ্নিদগ্ধ হৈ এগৰাকী প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ মৃত্যু ঘটে। এই ঘটনাত তেওঁৰ পোহনীয়া কুকুৰটোও মৰিছে। ঘটনাৰ পিছতে আৰক্ষী ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে। নিজৰ পিতৃ-মাতৃৰ চকুৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এগৰাকী ৩২ বছৰীয়া যুৱতী। 

বাতৰি অনুসৰি, ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ লং আইলেণ্ডত। মৃত যুৱতীৰ নাম তানিয়া বাথিজা। ১৪ ডিচেম্বৰৰ মাজনিশা তেওঁৰ ডিক্স হিলচ কটেজত সংঘটিত অগ্নিকাণ্ডত তেওঁৰ মৃত্যু ঘটে।

লগতে পঢ়ক: সোণৰ বল জিকিলে মেছিয়ে,পৰাজিত হৈও সোণৰ বুটৰ গৰাকী এমবাপে; চাওক পুৰষ্কাৰৰ তালিকা

আৰক্ষীৰ সূত্ৰ অনুসৰি, পুৱা প্ৰায় ২.৫৩ বজাত তেওঁলোকে ফোন পায়। অৱশ্যে আৰক্ষীয়ে ইয়াৰ আঁৰত কোনো অপৰাধমূলক ষড়যন্ত্ৰ দেখা নাই।

চাফোক আৰক্ষী বিষয়া লেফটেনেণ্ট কেভিন বেইৰে কয় যে তানিয়া তাইৰ পিতৃ-মাতৃৰ ঘৰৰ পিছফালে এটা কটেজত বাস কৰিছিল। তেওঁ এমবিএ উত্তীৰ্ণ আছিল। তানিয়াই অলপতে লং আইলেণ্ডৰ বেলফৰ্ডত এখন ডোনাটৰ দোকান খুলিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে তানিয়াৰ পিতৃ গোবিন্দ বাথিজা ঘটনাটোৰ পুৱা শাৰীৰিক ব্যায়ামৰ বাবে সাৰ পাইছিল। তেতিয়াই তেওঁ দেখা পায় যে ছোৱালীজনীৰ কটেজত জুই জ্বলি আছে। লগে লগে আৰক্ষীক খবৰ দিয়ে। পত্নীকো এই বিষয়ে জনায়। তেওঁলোকে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও জুইৰ তীব্ৰতা ইমান বেছি আছিল যে তেওঁলোকে একো কৰিব নোৱাৰিলে।

লগতে পঢ়ক: সকলো যন্ত্ৰণা আজি শেষ! বিশ্বকাপ জয়ৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি আৰু কি ক’লে মেছিয়ে?

খবৰ পোৱাৰ পিছত দুজন আৰক্ষী বিষয়াই আহি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ধোঁৱাৰ কাৰণে তেওঁলোকেও নোৱাৰিলে। তেওঁলোক অসুস্থ হৈ পৰে আৰু চিকিৎসালয়ত ভৰ্তি হয়। অৱশেষত, প্ৰায় ৬০ জন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী আহি জুই নিয়ন্ত্ৰণলৈ কৰে। কিন্তু তানিয়াৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।

Related News