NORTHEAST NOW (Assamese)

শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপন ভাৰতৰ চন্দ্ৰযান-৩ৰ; ৪০ দিনৰ যাত্ৰা

July 14, 2023 3:15 pm · এন ই নাও নিউজ, নতুন দিল্লী

পূৰ্বৰ ঘোষণা অনুসৰি শুকুৰবাৰে দিনৰ ঠিক ২:৩৫ বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ দেশলৈ উৎক্ষেপন হৈ যায়। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছিল। শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হয় চন্দ্ৰযান-৩। দেশবাসীয়ে এই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল।

যদি এই অভিযান সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰত হ’ব বিশ্বৰ চতুৰ্থখন দেশ, যাৰ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিব। শুকুৰবাৰে উন্মোচন স্থানত উপস্থিত থাকে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিং।

চন্দ্ৰযান-৩ৰ লেণ্ডাৰৰ নাম ‘বিক্ৰম’ আৰু ৰোভাৰৰ নাম ‘প্ৰজ্ঞান’। চন্দ্ৰযানখন আগন্তুক ৪০ দিনৰ পাছত ২৩ৰ পৰা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰিব পাৰে।

ইছৰোৰ চন্দ্ৰযানৰ কেন্দ্ৰত আছে এল ভি এম-৩ ৰকেট। যিয়ে মহাকাশযানখনক শক্তি প্ৰদান কৰিব আৰু পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ঠেলি দিব।

এলভিএম-৩ হৈছে তিনি স্তৰীয় উৎক্ষেপন বাহন। ইয়াৰ পূৰ্বে এই এলভিএম-৩ কেইবাটাও কৃত্ৰিম উপগ্ৰহ আৰু চন্দ্ৰ অভিযানত ব্যৱহাৰ কৰা হৈছিল। ইয়াক ভাৰতীয় ৰকেটৰ ‘বাহুবলী’ বুলি কোৱা হয়। ইয়াত দুটা স্তৰত কঠিন ইন্ধন আৰু এটা স্তৰত তৰল ইন্ধন থাকে। কঠিন ইন্ধন ১২৭ ছেকেণ্ডৰ বাবে জ্বলি থাকে। উৎক্ষেপণৰ ১০৮ ছেকেণ্ডৰ ভিতৰতে তৰল ইন্ধন জ্বলিবলৈ আৰম্ভ কৰে। ই ৰকেটটোক ২০৩ ছেকেণ্ডৰ বাবে আগুৱাই লৈ যায়।

উল্লেখ্য যে ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত ইছৰ’ৰ চন্দ্ৰযান-২ চন্দ্ৰ পৃষ্ঠত লেণ্ডাৰ ‘বিক্ৰম’ক অৱতৰণ কৰোৱাত ব্যৰ্থ হৈছিল। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ পুনৰ চন্দ্ৰৰ মাটি স্পৰ্শ কৰিবলৈ সাজু হৈছে ভাৰতীয় সংস্থাটোৱে। পূৰ্বৰ অভিযানত প্ৰেৰণ কৰা অৰ্বিটাৰখনে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। গতিকে এইবাৰ ইছৰোৱে চন্দ্ৰৰ কক্ষপথলৈ আন অৰ্বিটাৰ প্ৰেৰণ নকৰে।

এইবাৰ চন্দ্ৰযান-৩ৰ লগত যোৱা লেণ্ডাৰ আৰু ইয়াৰ ভিতৰত থকা ৰোভাৰে চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সহায় লৈ চন্দ্ৰত অৱতৰণ কৰিব। ইছৰোৰ এই গৱেষণা চন্দ্ৰৰ ওপৰত দুসপ্তাহ ধৰি চলি থাকিব। ইয়াৰ উপৰিও ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ পৰাও সহায় ল’ব। 

Related News