NORTHEAST NOW (Assamese)

কৰ’না বিধি উলংঘা! ৯গৰাকী সংবাদকৰ্মীক সাময়িকভাৱে নিষিদ্ধ কৰিলে IndiGoই

October 26, 2020 8:34 am · এন ই নাও নিউজ

অশিষ্ট আচৰণৰ বাবে ৯জন সংবাদকৰ্মীক ১৫দিনৰ বাবে সাময়িকভাৱে নিষিদ্ধ কৰিছে ইণ্ডিগ’ এয়াৰলাইনছে।

বাতৰি অনুসৰি, যোৱা ৯ ছেপ্টেম্বৰত কংগনা ৰানাৱটে ইণ্ডিগ’ৰ 6E-264 বিমানত উঠি চণ্ডীগড়ৰ পৰা মুম্বাইলৈ অহাৰ সময়ত অভিযুক্ত ৯গৰাকী সাংবাদিকে কৰ’নাৰ বাবে জাৰি কৰা সামাজিক দূৰত্ববিধি উলংঘা কৰে।

সংবাদকৰ্মীকেইগৰাকীয়ে ১৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ইণ্ডিগ’ৰ বিমানত উঠিব নোৱাৰিব।

কৰ’নাৰ বাবে বিমান সংস্থাসমূহৰ ওপৰত বিমান চলাচলৰ ক্ষেত্ৰত বহুধৰণৰ বাধা-নিষেধ আৰোপ কৰা হৈছে যিবোৰ উৰণৰ সময়ত মানি চলাটো অত্যন্ত জৰুৰী।

যিখন বিমানত কংগনাই চণ্ডীগড়ৰ পৰা মুম্বাইলৈ আহিছিল সেই বিমানত এই নিয়ম মানি চলা হোৱা নাছিল।

এই খৱৰ পোহৰলৈ অহাৰ পাছতে ইণ্ডিগ’ক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিমান নিয়ন্ত্ৰক সংস্থাৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিল।

বিমানখনত অৱশ্যে কোনো সাংবাদিকৰ সৈতে কংগনা ৰানাৱটৰ কোনোধৰণৰ কথাবাৰ্তা হোৱা নাছিল।

এয়াৰলাইনছটোৰ এগৰাকী বিষয়াই জানিবলৈ দিছিল যে কেবিন ক্ৰুদৰ ফালৰ পৰা বাৰে বাৰে সংবাদকৰ্মীসকলক নিৰ্দিষ্ট আসনত বহি সুৰক্ষা বিধি মানি চলিবলৈ অনুৰোধ কৰা হৈছিল।

আনহাতে, পাইলটৰ ফালৰ পৰাও বিমানত কেমেৰাৰ ব্যৱহাৰ নিষিদ্ধ থকাৰ কথা কোৱা হৈছিল। বিমান চলাৰ সময়ত কেমেৰা ব্যৱহাৰ কৰিব নোৱিৰ বুলি সোঁৱাৰাইয়ো দিয়া হৈছিল। কিন্তু কোনোৱে সেই কথালৈ কাণসাৰ দিয়া নাছিল।

Related News