NORTHEAST NOW (Assamese)

ভাৰত-চীনৰ সংঘাত মোচন : মধ্যস্থতা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

June 21, 2020 2:55 pm · এন ই নাও নিউজ
Updated: June 21, 2020 3:00 pm

এইবাৰ লাডাখৰ ভাৰত-চীনৰ সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ইয়াৰ পূৰ্বে ৰাছিয়াই ভাৰত আৰু চীনৰ মাজৰ বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

বিগত সপ্তাহৰ সোমবাৰে লাডাখৰ গালৱান উপত্যকাত সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত দুয়ো পক্ষৰ সেনা নিহত হোৱাৰ পিছত ভাৰত আৰু চীনৰ সীমান্ত বিবাদে চূড়ান্ত উত্তেজনাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

সামৰিক অভিযোগ-প্ৰতি অভিযোগৰ পিছত ৰাজনৈতিক আৰু কূটনৈতিকভাৱেও দুই দেশৰ মাজৰ অভিযোগ-প্ৰতি অভিযোগে চৰম সীমা স্পৰ্শ কৰা পৰিলক্ষিত হৈছে।

তেনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুই দেশৰ মাজত উৎপত্তি হোৱা সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ খবৰ আহিছে।

“এয়া বৰ কঠিন সময় পাৰ হৈছে। ভাৰত আৰু চীন এই দুই দেশৰ সৈতে কথা চলি আছে আমেৰিকাৰ। দেখা যাওক কি কৰিব পাৰি।” ট্ৰাম্পৰ অভিমত।

লগতে পঢ়ক : শান্তিপূৰ্ণ ভাৱে বিবাদ মীমাংসা কৰিবলৈ ভাৰত-চীনক পৰামৰ্শ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপালৰ

উল্লেখ্য যে, ক’ৰ’নাতংকৰ মাজতেই অহা নৱেম্বৰত আমিৰকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে ড’নাল্ড ট্ৰাম্পে।

ওকালহোমাৰ নিৰ্বাচনী প্ৰচাৰত যোগ দিয়াৰ পূৰ্বে হোৱাইট হাউছত সাংবাদিকেৰে মুখামুখি হোৱাৰ সময়ত ট্ৰাম্পে ভাৰত-চীন সীমান্ত বিবাদ সম্পৰ্কত কয়, “খুব কঠিন সময় চলিছে। আমি ভাৰতৰ সৈতে কথা পাতিছো। চীনৰ সৈতে কথা বতৰা চলিছে। খুব ডাঙৰ সমস্যাই দেখা দিছে। দুই দেশে মুখামুখি সংঘৰ্ষতো জড়িত হৈ পৰিছে। কি কৰিব পাৰি দেখা যাওক। এই পৰিস্থিতিৰ মাজতে আমি সকলোধৰণৰ সহায় আগবঢ়াম।”

লগতে পঢ়ক :  প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড চীনক সমপৰ্ণ কৰিছে : ৰাহুল গান্ধী

লাডাখৰ সীমান্ত বিবাদৰ আৰম্ভণিৰে পৰাই আমেৰিকাই ভাৰতৰ পক্ষ লৈ আহিছে।

গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে ৱাশ্বিংটনে চীনৰ সীমান্তৰ ভূমি দখলদাৰী ভূমিকাৰ ওপৰতো প্ৰশ্নৰ উত্থাপন কৰি আহিছে।

আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পেএ কয়, “চীনা সৈন্যই বিশ্ব বৃহত্তম গণতান্ত্ৰিক দেশখনৰ সৈতে বিবাদ বঢ়াই তুলিছে। দক্ষিণ চীন সাগৰ সামৰিকীকৰণ কৰাৰ লগতে বেআইনীভাৱে তাৰ ভূমিও দখল কৰিছে চীনে। তাৰ ফলত সমু্দ্ৰৰ অঞ্চলসমূহ বিপদজ্জনক হৈ উঠিছে।”

লগতে পঢ়ক : ভাৰত-চীন সীমা বিবাদ সম্পৰ্কত চীনক দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Related News