NORTHEAST NOW (Assamese)

প্ৰৱঞ্চক নীৰৱ মোদীৰ পত্নীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিছ জাৰি ইন্টাৰপ’লৰ

August 25, 2020 3:39 pm · এন ই নাও নিউজ
Updated: August 25, 2020 3:44 pm

প্ৰৱঞ্চক তথা বেংক জালিয়াতিৰ খলনায়ক নীৰৱ মোদীৰ পত্নীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰিছে ইন্টাৰপ’লে। ধন আত্মসাৎ আৰু ঋণ অপৰিশোধৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰিছে আন্তৰাষ্ট্ৰীয় সংস্থাটোৱে।

স্বামী নীৰৱ মোদীৰ সৈতে পঞ্জাৱ নেশ্যনেল বেংকৰ আৰ্থিক দুৰ্নীতি তথা ধন আত্মসাৎ কৰাত মোদীৰ পত্নীও জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।

ৰেড কৰ্ণাৰ জাননী জাৰি হোৱাৰ লগে লগে বিশ্বৰ যিকোনো দেশতে ভাৰতীয় গুপ্তচৰ সংস্থাবোৰে নীৰৱ মোদীৰ পত্নী এমি মোদীৰ সন্ধানত অভিযান চলোৱাৰ লগতে গ্ৰেপ্তাৰো কৰিব পাৰিব।

উল্লেখ্য যে পঞ্চাৱ নেচশ্যনেল বেংকৰ জালিয়াতিত অভিযুক্ত নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীৰ বিৰুদ্ধেও যোৱা বছৰ ইন্টাৰপলে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছিল।

ইমানেই নহয়, বেলজিয়ামৰ নাগৰিক ৪০ বৰ্ষীয় নেহাল মোদীৰ বিৰুদ্ধে গ্ল’বেল এৰেষ্ট ৱাৰেন্ট জাৰি কৰা হৈছিল।

ভাৰতীয় তদন্তকাৰী সংস্থা ইডি-এ নেহালৰ বিৰুদ্ধে ১৪ হাজাৰ কোটি টকাৰ পি এন বি বেংকৰ আৰ্থিক দুৰ্নীতিৰ প্ৰমাণ লাভ কৰিছে আৰু ইতিমধ্যে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিটো দাখিল কৰিছে।

ইফালে পি এন বিৰ জালিয়াতিৰ নায়ক নীৰৱ মোদীক ২০১৯ বৰ্ষত ব্ৰিটেইনত গ্ৰেপ্তাৰ হয় আৰু তেওঁ বৰ্তমান লণ্ডনৰ জেইলত কাৰাৰুদ্ধ হৈ আছে।

ব্ৰিটেইনৰ আদালতৰ নিৰ্দেশ অনুসৰি অহা ২৭ আগষ্টলৈকে লণ্ডনৰ জেইলতে কাৰাৰুদ্ধ হৈ থাকিব নীৰৱ মোদী।

ব্ৰিটেইনৰ ৱেষ্টমিনিষ্টাৰ আদালতত নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যাপৰ্ণ সংক্ৰান্তীয় গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।

Related News