NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ আতংক; অদৃষ্টৰ হাতত দুলি থাকিব নেকি ২০২০ টকিঅ’ অলিম্পিক!

March 23, 2020 12:27 pm · এন ই নাও নিউজ
Updated: March 23, 2020 12:51 pm
IOCৰ সভাপতি থ'মাছ বাচ

অদৃষ্টৰ হাতত দুলি থাকিব নেকি ২০২০ টকিঅ’ অলিম্পিক! সমগ্ৰ বিশ্ব জুৰি ক’ৰ’না ভাইৰাছে সন্ত্ৰাস চলোৱাৰ পৰিপ্ৰেক্ষিত এনে প্ৰশ্নৰ উদ্ৰেক হৈছে সমগ্ৰ ক্ৰীড়া বিশ্বত।

উল্লেখ্য যে, ২০২০ টকিঅ’ অলিম্পিকলৈ মাজত মাথো আৰু ১৯ টা সপ্তাহে আছে।

এনে এক সন্ধিক্ষণতে আন্তজাৰ্তিক অলিম্পিক সংস্থা(IOC)ৰ সভাপতি থ’মাছ বেচে এনে এক আশংকাৰ কথাই প্ৰকাশ কৰিছে।

লগতে পঢ়ক নিৰ্ধাৰিত সূচীমতে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক ২০২০; IOCৰ উচ্চস্তৰীয় বৈঠকত সিদ্ধান্ত

থ’মাছে যোৱা ২২ মাৰ্চত কয় যে এতিয়াও ২০২০ টকিঅ’ ক্ৰীড়া বাতিল কৰা হোৱা নাই যদিও IOC অন্তৰ্গত বহু সংস্থা আৰু ক্ৰীড়াবিধে অংশগ্ৰহণ কৰিবলৈ সংশয় প্ৰকাশ কৰিছে।

IOCৰ কাৰ্যকৰী ব’ৰ্ডৰ ওপৰত ২০২০ টকিঅ’ অলিম্পিক বাতিল কৰাৰ বাবে হেঁচা পৰিছে যদিও কোনো সমাধান উলিয়াব পৰা নাই, আমাক সকলোৱে এই ক্ষেত্ৰত সহায় আগবঢ়াওক।’ নিঃসহায়ভাৱে বাচে কয়।

লগতে তেওঁ কয় যে বিশ্বৰ বৃহত্তম ক্ৰীড়া সমাৰোহখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু টকিঅ’ তথা সমগ্ৰ বিশ্বৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়া সমাৰোহখনি স্থগিত কৰা হ’ব পাৰে বুলিও থ’মাছে প্ৰকাশ কৰিছে।

২০২০ টকিঅ’ অলিম্পিক আয়োজক কমিটি, জাপানিছ অ’থৰিটিছ, টকিঅ’ মেট্ৰপলিটান চৰকাৰ আৰু IOCৰ মাজত এই সম্পৰ্কে বিস্তৃতভাৱে আলোচানা চলি আছে। যদি বিশ্বজুৰি ক’ৰ’না ভাইৰাছৰ সংহাৰ নিয়্ন্ত্ৰণলৈ নাহে তেনে ক্ৰীড়া সমাৰোখনি হয়তো স্থগিত ৰকা হ’ব। অৱেশ্য এই সম্পৰ্কেও আলোচানা চলি আছে যদিও সিদ্ধান্ত লোৱা হোৱা নাই।

লগতে পঢ়ক ক’ৰ’নাৰ আতংক; বাতিল হ’ব নেকি টকিঅ’ অলিম্পিক! আজি অনুষ্ঠিত হৈছে অলিম্পিক কমিটিৰ উচ্চস্তৰীয় বৈঠক

IOCএ এই সন্দৰ্ভত অহা চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব বুলিও জানিবলৈ দিছে IOCৰ সভাপতি থ’মাছ বাচে।

ইফালে যোৱা ২২ মাৰ্চত কিম্বদন্তী এথলিট কাৰ্ল লুইচে ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়াক অহা দুবছৰলৈ পিছুৱাই দিয়া উচিত বুলি মন্তব্য কৰিছিল।

আনহাতে কানাডীয়ান অলিম্পিক কমিটি(COC)এ IOCক ক্ৰীড়া সমাৰোহখনি স্থগিত ৰাখিবলৈ দাবী জনাইছে।

উল্লেখ্য যে, অহা ২৪ জুলাইৰ পৰা ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়া সমাৰোহখনি  আৰম্ভ হোৱাৰ কথা।

Related News