NORTHEAST NOW (Assamese)
অসম

IPL 2020’ৰ প্লে-অফৰ তাৰিখ ঘোষণা; চাওক কেতিয়া, ক’ত হ’ব মেচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 9:17 am
ipl-telecast-channel-list-151828-5f7d74ed4bede-1602057453

আইপিএল-২০২০’ৰ গ্ৰুপ পৰ্যায়ৰ খেল সমাপ্তৰ দিশে আগবাঢ়িছে। প্লে-অফত স্থান লাভৰ বাবে তীব্ৰতৰ হৈ পৰিছে যুঁজ।

ইয়াৰ মাজতে বিচিচিআইয়ে ঘোষণা কৰিছে আইপিএলৰ এইবাৰৰ প্লে-অফল খেলৰ সূচী।

দেওবাৰে সন্ধিয়া এক বিবৃতিত বিচিচিআইয়ে জনায় যে গ্ৰুপ লীগৰ খেল শেষ হোৱাৰ পৰৱৰ্তী দিনটোত অৰ্থাৎ ৪ নৱেম্বৰত কোনো খেল নাই।

৫নৱেম্বৰ বৃহস্পতিবাৰে প্ৰথম কোৱালিফায়াৰ মেচ হ’ব। ইয়াত লীগ তালিকাৰ শীৰ্ষত থকা দল দুটাই মুখামুখি হ’ব।

ইয়াৰ পাছতে ৬নৱেম্বৰত প্ৰথম এলিমিনিটেৰত নামিব তালিকাৰ তৃতীয় আৰু চতুৰ্থটো দল। সেইদৰে দ্বিতীয় কোৱালিফায়াৰ অনুষ্ঠিত হ’ব ৮নৱেম্বৰ দেওবাৰে।

আনহাতে, পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই অহা ১০ নৱেম্বৰ মঙলবাৰে ত্ৰয়োদশ আইপিএলৰ ফাইনেল অনুষ্ঠিত হ’ব।

বৰ্তমানলৈকে কোন দলেই প্লে-অফৰ বাবে ঘোষিত হোৱা নাই। দেওবাৰে মুম্বাইৰ বিৰুদ্ধে ৰাজস্থানৰ বিজয়ে প্লে-অফৰ তালিকাত নতুন সমীকৰণৰ সৃষ্টি কৰিছে।

প্লে-অফৰ সূচী অনুসৰি, ৫নৱেম্বৰৰ সন্ধিয়া ৭-৩০বজাত ডুবাইত প্ৰথম কোৱালিফায়াৰ মেচখন অনুষ্ঠিত হ’ব।

৬নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত আবুধাবিত প্ৰথম এলিমিনেটৰ মেচখন অনুষ্ঠিত হ’ব।

৮নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত আবুধাবিত দ্বিতীয় কোৱালিফায়াৰ মেচখন অনুষ্ঠিত হ’ব।

সেইদৰে ১০ নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত ডুবাইত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।