NORTHEAST NOW (Assamese)

কভিড ভেকচিনৰ বাবেই হয় নেকি আকস্মিক মৃত্যু? সংসদত প্ৰতিবেদন দাখিল কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে

December 11, 2024 2:18 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

হঠাৎ বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ ঘটনা। শেহতীয়াকৈ বহু লোকে ষ্ট্ৰোক, হাৰ্ট এটেক আদি ৰোগত আধা বয়সতে প্ৰাণ হেৰুৱাইছে। কভিড অতিমাৰীৰ পাছত যোৱা কেইবছৰমানৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত এনে অসংখ্য ঘটনা পোহৰলৈ আহিছে।

কভিড ৰোগৰ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। কিন্তু এনে ঘটনাৰ বাবে ভেকচিনক দোষাৰোপ কৰিবলৈ চৰকাৰ অনিচ্ছুক।

আইচিএমআৰৰ প্ৰতিবেদনৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সংসদত কয় যে এনে অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। বৰঞ্চ ভেকচিনৰ বাবে ক’ৰোনাৰ আশংকা কমিছে।

স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই মঙলবাৰে সংসদত আইচিএমআৰ আৰু নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজিৰ জৰীপৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনক আলোকপাত কৰি দাবী কৰা হৈছে যে কেৱল ক’ৰ’না ভেকচিনৰ বাবেই ক’ৰোনাৰ আশংকা কমি যোৱা নাই। হঠাৎ মৃত্যুৰ সম্ভাৱনা বহু পৰিমাণে কমি গৈছে।

মন কৰিবলগীয়া যে ক’ৰ’নাৰ পাছত দেশত এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত কম বিতৰ্ক হোৱা নাই। বিষয়টো উচ্চতম ন্যায়ালয়তো চলিছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই দাবী নাকচ কৰে।

Related News