NORTHEAST NOW (Assamese)

শোকস্তব্ধ ইছৰো, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু চন্দ্ৰযান ৩ৰ সৈতে জড়িত বিজ্ঞানীৰ

September 4, 2023 9:15 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 4, 2023 2:40 pm

শেহতীয়াকৈ ইছৰোৱে কেইবাটাও গুৰুত্বপূৰ্ণ ৰকেট নিক্ষেপ কৰিছে। মহাকাশলৈ বাণিজ্যিক উপগ্ৰহ প্ৰেৰণ কৰাৰ পৰা চন্দ্ৰযান ৩ বা আদিত্য এল ১ লৈকে ইছৰ’ৰ বিজ্ঞানীসকল ব্যস্ত। এই যিকোনো ৰকেট লঞ্চৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো হ’ল চূড়ান্ত কাউণ্টডাউন। সেই কাউণ্টডাউনৰ দায়িত্বত থকা বিজ্ঞানীজনৰ দেওবাৰে মৃত্যু হয়।

চন্দ্ৰযান ৩ মিছনৰ উৎক্ষেপনৰ কাউন্টডাউন কৰা এন বলৰামথীৰ কালি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬৪ বছৰ।

লগতে পঢ়ক: ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই

ইয়াৰ পূৰ্বে যোৱা ১৪ জুলাইত চন্দ্ৰযান ৩ উৎক্ষেপণৰ সময়ত শ্ৰীহৰিকোটাৰ কমাণ্ড চেণ্টাৰৰ পৰা শেষবাৰৰ বাবে তেওঁ কাউণ্টডাউন কৰিছিল। ইয়াৰ আগতে তেওঁ নিয়মিতভাৱে ইছৰোৰ বিভিন্ন উৎক্ষেপণৰ পূৰ্বে চূড়ান্ত কাউণ্টডাউন কৰিছিল। কিন্তু ভৱিষ্যতে ইছৰোৰ কোনো মিছনৰ আৰম্ভণিতে আৰু তেওঁৰ কণ্ঠ শুনা নাযাব।

লগতে পঢ়ক: চন্দ্ৰৰ মাটি এৰি শূন্যলৈ উৰিল বিক্ৰম, তাৰ পিছত দ্বিতীয়টো সফল অৱতৰণ চন্দ্ৰযান-৩ লেণ্ডাৰৰ

২০২৩ চনত এতিয়ালৈকে ইছৰ’ৱে প্ৰায় প্ৰতিমাহে মহাকাশলৈ কোনো নহয় কোনো ৰকেট নিক্ষেপ কৰি আহিছে। ইণ্টাৰনেটৰ যুগত সেই লঞ্চসমূহ টিভি, ইউটিউব বা বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ সম্প্ৰচাৰ কৰা হয়। লাখ লাখ মানুহে সেই সকলোবোৰ লঞ্চ আগ্ৰহেৰে চাই গৌৰৱ অনুভৱ কৰে। সেই গৌৰৱৰ ‘কণ্ঠ’ আছিল বলৰামথী। তেওঁৰ কণ্ঠত লঞ্চৰ চূড়ান্ত কাউণ্টডাউন মানুহৰ মনত খোদিত হৈ ৰৈছে।

বলৰামথীয়ে ১৯৮৪ চনত ইছৰোত যোগদান কৰে। ২০১৫ চনত তামিলনাডু চৰকাৰে তেওঁক আব্দুল কালাম বঁটাৰে সন্মানিত কৰে। তেওঁ RISAT 1 প্ৰকল্পৰ সঞ্চালকো আছিল। ২০১২ চনত মহাকাশলৈ এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। ই আছিল প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ৰাডাৰ ইমেজিং উপগ্ৰহ। তদুপৰি তেওঁ INSAT 2A, IRS IC, IRS ID, TESকে ধৰি কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত আছিল।

১৯৫৯ চনৰ ৩১ জুলাইত তামিলনাডুৰ আৰিয়ালুৰত বলৰামথীৰ জন্ম হৈছিল। তেওঁ নিৰ্মলা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ কইম্বাটুৰৰ চৰকাৰী প্ৰযুক্তি মহাবিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে। পৰৱৰ্তী সময়ত আন্নাই বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স আৰু যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

Related News