NORTHEAST NOW (Assamese)

অসমৰ বান পৰিস্থিতিৰ খবৰ লবলৈ কাইলৈ আহিব কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাত

July 15, 2019 4:02 pm · অনুপ শৰ্মা
গজেন্দ্ৰ সিং শেখাৱত। উৎস-ইণ্টাৰনেট

ৰাজ্যত ক্ৰমাৎ অৱনতি ঘটা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লোৱা উদ্দেশ্যে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ প্ৰেৰণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম চৰকাৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে মঙলাবৰে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে গুৱাহাটীত উপস্থিত হ’ব। বতৰ ভালে থাকিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান আক্ৰান্ত ভালেমান অঞ্চল পৰিদৰ্শন কৰিব পাৰে বুলি মহন্তই উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত সপ্তাহৰ পৰা অসমৰ বানপৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই বানত ২৮ খন জিলাৰ ৩১৮১ গাঁৱৰ প্ৰায় ২৬,৪৫,৫৩৩ গৰাকী লোক আক্ৰান্ত হৈছে। নব্বৈ হাজাৰ হেক্টৰতকৈও অধিক কৃষিভূমি বৰ্তমানেও বানৰ তলত বুৰ গৈ আছে বুলি বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

ইতিমধ্যে চৰকাৰে জিলা প্ৰাশাসনসমূহৰ সহযোগত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দ্বাৰা বানপানীত আক্ৰান্ত লোকসমূহৰ উদ্ধাৰ অভিযান চলাই আছে। ভাৰতীয় সেনা বাহিনীয়ো বানপানীৰ উদ্ধাৰ অভিযানত সহায় আগবঢ়াই আছে বুলি খবৰ লাভ কৰিব পৰা গৈছে।

আনহাতে, সোমবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ফোনযোগে বানপানী সন্দৰ্ভত খবৰ লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে।

সোণোৱালে প্ৰধান মন্ত্ৰীক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্য্যবাৱ্যস্থাৰ বিষয়ে অৱগত কৰে।প্ৰধান মন্ত্ৰীয়ে অসমৰ বানপৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে বুলি সোণোৱালে কয়।

Related News