NORTHEAST NOW (Assamese)

চৰম পথ বাচি ল’লে জামিয়া মিলিয়াৰ ছাত্ৰই : কিন্তু কিয়?

April 10, 2023 11:11 am · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীত পুনৰ আত্মহত্যা ছাত্ৰৰ। দিল্লীৰ গাফুৰ নগৰৰ এটা ভাৰাঘৰত এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে ২৫ বছৰীয়া ছাত্ৰজন জামিয়া মিলিয়া ইছলামিয়াৰ এমবিএ বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ।

আৰক্ষীয়ে জনোৱা মতে ওচৰ চুবুৰীয়াই আৰক্ষীলৈ ফোনযোগে ঘটনাটো জনোৱাৰ পিছত এই আত্মহননৰ ঘটনা পোহৰলৈ আহে।

আৰক্ষীৰ মতে, শনিবাৰে সন্ধিয়া চুবুৰীয়াৰ ফোন পোৱাত জামিয়া নগৰৰ পুলিচ কৰ্মচাৰী ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে আৱাসগৃহৰ তৃতীয় মহলাত থকা নিজৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে মৃত এবাদুদ্দিনক।

ঘটনা সন্দৰ্ভত সেই অঞ্চলৰ ডিচিপি ৰাজেশ দেওৰ কয় যে ইতিমধ্যে ছাত্ৰজনৰ মৃতদেহ এইমছত সংৰক্ষণ কৰি ৰখা হৈছে আৰু ঘটনাস্থলীত হত্যাৰ কোনো ক্লু পোৱা নাই। বিহাৰৰ ছাত্ৰজনে সেই এলেকাত পঢ়া শুনাৰ বাবে ভাড়াঘৰত থাকিছিল।

জানিব পৰা মতে, ছাত্ৰজন আছিল পাটনাৰ চুলতাংগঞ্জৰ। ইতিমধ্যে তেওঁৰ পৰিয়ালক খবৰ দিয়া হৈছে।

এতিয়ালৈ কোনো চুইচাইড নোট উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News